বৰপেটা,২ আগষ্ট: বৰপেটা জিলাত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্তৰ সংখ্যা ৷ এই মুহুৰ্তলৈ বৰপেটাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ৯জন ৷ ইয়াৰ বিপৰীতে বৰপেটা জিলাত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ১২জন ৷ অৱশ্যে ইয়াৰ মাজতো আশাৰ খবৰ, বৰপেটাত জাপানীজ এনকেফেলাইটিছ অথবা ডেংগুত এইপৰ্যন্ত মৃত্যু হোৱা নাই এজনো লোকৰ ৷
বৰপেটা জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ পৰামৰ্শদাতা আঁচনিৰ বিষয়াই জনোৱামতে যোৱা বছৰৰ তুলনাত এইবেলি বৰপেটাত আক্ৰান্তৰ সংখ্যা কম ৷ আনকি এইবছৰত জিলাখনত এজনো লোক আক্ৰান্ত হোৱা নাই মেলেৰিয়াত ৷ জাপানীজ এনকেফেলাইটিছ অথবা ডেংগু ৰোগ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে শতাধিক স্থানত ধোঁৱা দিয়া বা ফ'গিঙৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে ৷
ইয়াৰ সমান্তৰালভাৱে ঔষধযুক্ত আঠুৱা, সজাগতা সভা, মাইকিং আদিৰ জৰিয়তেও ৰোগ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বিভাগটোৱে ৷ জাপানীজ এনকেফেলাইটিছৰ লগতে ডেংগু, মেলেৰীয়া আদি ৰোগ নিয়ন্ত্ৰণৰ বাবে বৰপেটা জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ পৰামৰ্শদাতা আঁচনিৰ বিষয়াই জিলা প্ৰশাসনৰে হোৱা বৈঠকত জিলাখনৰ পৌৰসভাসমুহক ফ'গিং মেচিন ক্ৰয় কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল যদিও এই পৰ্যন্ত বৰপেটা জিলাৰ কোনো এখন পৌৰসভাই এটাও ফ'গিং মেচিন ক্ৰয়ৰ পদক্ষেপ গ্ৰহন কৰা নাই বুলি জানিবপৰা গৈছে ৷
লগতে পঢ়ক: Tree Plantation in Assam: ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি
আনকি পৌৰসভাৰ লগতে গাও পঞ্চায়তসমূহকো মহ খেদাৰ বাবে ফ'গিং মেচিন ক্ৰয় কৰাতো জৰুৰী যদিও গাঁও পঞ্চায়ত অথবা বিডিঅ'সকলেও কোনো তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ পৌৰসভা আৰু গাঁও পঞ্চায়তসমূহে নিয়মীয়াকৈ ফ'গিঙৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চিতভাৱে ৰাজ্যত নিৰ্মূল হ'ব মেলেৰীয়া, ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ দৰে ৰোগসমূহ ৷
লগতে পঢ়ক: Spice Prices Skyrocketed: বজাৰত হোৰা হোৰে বৃদ্ধি পাইছে মছলাৰ দাম