বৰপেটা, 8 অক্টোবৰ : ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বৃহৎ কেলেংকাৰীৰ তদন্তৰ বাবে বৰপেটাৰ বহৰিত উপস্থিত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ বিষয়াৰ দল ৷ বহৰিৰ উত্তৰ বগুৰীবাৰী সমবায় সমিতিত চলি থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ অনুসন্ধানৰ বাবে অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অধীক্ষক দিলীপ কুমাৰ ডেকা আৰু পৰিদৰ্শক সঞ্জীৱ গোস্বামীৰ নেতৃত্বত বহৰিৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হয় বিষয়াৰ দলটো ৷
বিষয়াৰ দলটোৱে জনোৱা মতে, উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনে এজেন্ট সকলক কমকৈ আৰু অনিয়মিতভাৱে চাউল প্ৰদান কৰি আহিছিল ৷ উত্তৰ বগুৰিবাৰী সমবায় সমিতিখনৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগৰ তদন্তৰ বাবে উপস্থিত হোৱা অপৰাধ অনুসন্ধান সংস্থাৰ অনুসন্ধানকাৰী বিষয়াৰ দলটোৱে ধৰা পেলায় অনেক বিসংগতি ৷ আনকি চৰকাৰী হিচাপতকৈ সমবায়খনৰ গোডাউনত প্ৰায় ১১২ বস্তা চাউল মজুদ থকা বুলি জনায় অপৰাধ অনুসন্ধান সংস্থাটোৰ তদন্তকাৰী বিষয়া তথা অধীক্ষক দিলীপ ডেকাই ৷
প্ৰশ্ন উঠিছে চৰকাৰী গোডাউনত কেনেকৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৫৬ কুইন্টল চাউল অধিক পোৱা গ'ল ৷ অবশ্যে গোডাউনটোত নিৰ্দিষ্ট পৰিমাণতকৈ ৫৬ কুইন্টল চাউল বেছি পোৱা কথাতো মানি লোৱা নাই সমবায়ৰ সম্পাদক মুক্তাৰ হুছেইনে ৷ তেওঁ চাউলসমূহ সঠিকভাৱে ওজন কৰিবলৈকো চেলেঞ্জ কৰিছে সম্পাদকজনে ৷
ইপিনে, ২৪ ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰ নৈৰে গোৱালপাৰালৈ নি থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে জব্দ কৰা ৪০০ বস্তা চাউল মোকলাই দিবলৈ আৰক্ষীক দাবী জনাইছে সম্পাদকগৰাকীয়ে ৷ ইপিনে ব্ৰহ্মপুত্ৰ নৈৰে গোৱালপাৰা হৈ বাংলাদেশলৈ বৰপেটাৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল সৰবৰাহক লৈ ব্যাপক অভিযোগ উত্থাপনৰ মাজতেই সম্পাদক মুক্তাৰ হুছেইনে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : গহনা চাফা কৰিবলৈ আহি কৰিলে এই কাম; জানিলে আপুনিও সুঁৱৰিব ৰাম ৰাম !