ETV Bharat / state

ছহিদ প্ৰণয় কলিতাৰ বাসগৃহত বিজেপি সভাপতি ৰণজিৎ দাস

author img

By

Published : Aug 3, 2020, 7:24 PM IST

ছহিদ প্ৰণয় কলিতাৰ পৰিয়ালৰ কাষত বিজেপি সভাপতি ৰণজিৎ দাস ৷ পৰিয়ালৰ সবিশেষ বুজ লৈ সংস্থাপনৰ বিষয়ে আলোচনা কৰাৰ লগতে ছহিদ গৰাকীৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰিব বুলিও জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ৷

Pathsala Ranjit Das Visited  Swahid Pranay kalita's home
ছহিদ প্ৰণয় কলিতাৰ বাসগৃহত বিজেপি সভাপতি ৰণজিৎ দাস

পাঠশালা,3 আগষ্টঃ সোমবাৰে মণিপুৰত উগ্ৰপন্থীৰ নৃশংস আক্ৰমণত মৃত্যু হোৱা পাঠশালাৰ বীৰ ছহিদ প্ৰণয় কলিতাৰ বাসগৃহত উপস্থিত হয় বিজেপি সভাপতি ৰণজিৎ দাস ৷ পৰিয়ালৰ সবিশেষ বুজ লৈ সংস্থাপনৰ বিষয়ে আলোচনা কৰে পৰিয়ালৰ লগত ৷ ইয়াৰ লগতে তেওঁ জানিবলৈ দিয়ে যে, ছহিদ প্ৰণয় কলিতাৰ সমাধি ক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে স্থাপন কৰিব ছহিদ গৰাকীৰ আৱক্ষ মূৰ্তি l

ছহিদ গৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনাখনেই উন্মোচন কৰা হ'ব প্ৰতিমূৰ্তি l ইতিমধ্যে এই কামৰ বাবে বিজেপিৰ সভাপতি ৰণজিৎ দাসে নিৰ্দেশ দিছে বিশিষ্ট ভাস্কৰ্য শিল্পীক l সোমবাৰে ছহিদ গৰাকীৰ ঘৰত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে l আনহাতে পৰিয়ালৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লৈ পৰিয়ালৰ সদস্যক চাকৰি প্ৰদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সিন্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৰণজিৎ দাসে l

লগতে পঢ়কঃবিশ্বনাথৰ এটি 5 বছৰীয়া অসাধাৰণ শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.