পাঠশালা,10 আগষ্ট: বিজেপিৰ 15 গৰাকী বিধায়কে টিকত নাপাব বুলি কোৱা কথাটো একেবাৰে ভিত্তিহীন বুলি মন্তব্য বিজেপি সভাপতি তথা বিধায়ক ৰণজিৎ দাসৰ ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যৰ 95 শতাংশ বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভাল ৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIUDF ৰ মাত্ৰ 10 গৰাকী বিধায়কৰ ৰিপ'ৰ্ট ভাল l গতিকে 15 গৰাকীকৈ বিধায়কে টিকট নাপাব বুলি কোৱা কথাষাৰ একেবাৰে ভিত্তিহীন বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিজেপি সভাপতি গৰাকীয়ে ৷
ইয়াৰোপৰি,95 শতাংশৰ ৰিপ'ৰ্ট ভাল আহিলেও সভাপতিগৰাকীয়ে ৰাজ্যৰ বাহিৰৰ এটা প্ৰতিষ্ঠানক নিজাববীয়াকৈ নিৰীক্ষণৰ নিৰ্দেশ দিয়া বুলিও অৱগত কৰে ৷ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰীক্ষণৰ প্ৰতিবেদনৰ লগতে নিজৰ প্ৰতিবেদনৰ ফলাফল মিলাই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক ৰণজিৎ দাসে ৷
লগতে পঢ়কঃ বেইৰুট বিস্ফোৰণ: লেবানন চৰকাৰৰ সমূহীয়া পদত্যাগ
আনহাতে কণ্ঠশিল্পী বিপিন চাওদাং আৰু জুবিন গাৰ্গে বিজেপিলৈ ইতিবাচক ইংগিত প্ৰদান কৰাৰ পাছত পৰৱৰ্তী দুই এদিনতে অভিনেতা যতীন বৰায়ো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব বুলি সাংবাদিকৰ আগত অৱগত কৰে বিধায়ক ৰণজিৎ দাসে ৷