বৰপেটাৰোড, 6 এপ্ৰিল: সদ্যসমাপ্ত পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে প্ৰায় 75 খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল হিচাপে পৰিচিত হৈছিল ৷ সম্প্ৰতি ৰাজ্যত বিজেপিৰ নেতৃত্বতে গঠন কৰা হৈছে ইখনৰ পিছত সিখনকৈ পৌৰসভা ৷ গেৰুৱা দল বিজেপিৰ নেতৃত্বতে ক্ৰমাগত চতুৰ্থবাৰৰ বাবে গঠন কৰা হ’ল বৰপেটাৰোড পৌৰসভা ৷
পৌৰসভাখনৰ নৱ নিৰ্বাচিত পৌৰপতি, উপ পৌৰপতিৰ লগতে ৱাৰ্ড সদস্যসকলক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিজেপিৰ নগৰ মণ্ডল কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় এক সম্বৰ্ধনা সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বৰপেটাত উপস্থিত হয় কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰীগৰাকীয়ে সকলোকে শুভেচ্ছা প্ৰদান কৰি বৰপেটা পৌৰসভাৰ নেতৃত্বত সাধাৰণ ৰাইজৰ সকলো প্ৰকাৰৰ সমস্যাৰ সমাধান হোৱাৰ আশা ব্যক্ত কৰে ৷
ইয়াৰ পিছতে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয় মন্ত্ৰীগৰাকী ৷ সাংবাদিকে বৰপেটাৰোডৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, তিনিবছৰ পূৰ্বে এই সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ বৰ্তমানলৈকে লোক নিৰ্মাণ বিভাগৰ অধীনত থকা সকলো কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে সামান্য কামহে বাকী থকা বুলি সদৰি কৰে মন্ত্ৰী দাসে ৷
তদুপৰি ৰে’ল বিভাগে পূৰ্বৰ নক্সা সলনি কৰাৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগৰ কামখিনি আধৰুৱা হৈ থকা বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্বত ন্যস্ত থকা পাঠশালাৰ ঠিকাদাৰ অনুপম শৰ্মাই ইতিমধ্যে বিষয় সন্দৰ্ভত ৰে’ল বিভাগৰ সৈতে যোগাযোগ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷ ৰে’ল বিভাগৰ আধৰুৱা কামখিনি সম্পূৰ্ণ হোৱাৰ পিছতে এই উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পন্ন হ’ব ৷
আনহাতে, মূল্যবৃদ্ধি সম্পৰ্কে শোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Reaction of Minister Ranjeet Kumar dass on Price hike) স্বয়ং মুখ্যমন্ত্ৰীয়েও মূল্যবৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা বুলি সদৰি কৰে ৷ তাৰোপৰি শ্ৰীলংকাত হোৱা অৰ্থনৈতিক বিধ্বস্তৰ কথা উনুকিয়াই মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশটো বিধ্বস্ত হ’বলৈ নিদিয়ে বুলি কয় ৷ পৰৱৰ্তী সময়ত মোডী চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকী আশাবাদী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰীৰ বৰ্ধিত মূল্য ৰোধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি প্ৰকাশ কৰে ৷
ইন্ধনৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰসংগটো এক আন্তঃৰাষ্ট্ৰীয় বিষয় ৷ সেয়ে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অসহায় বুলিও কেবিনেট মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ৷
লগতে চাওক: Assam Municipal Election Results: গেৰুৱাবাহিনীৰ দখলত বৰপেটাৰোড আৰু সৰভোগ পৌৰসভা