জনীয়া, 13 জুলাই : "বিজেপিৰ নিৰ্বাচনত খবৰ সোধাৰ প্ৰয়োজনেই নাই, বিজেপি মানেই ভালৰো ভাল হ'ব ৷ এন ডি এৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুক সকলোৱে আদৰি লৈছে ৷ বিজেপিৰ বাহিৰে অন্য দলেও ভোট দিব মুৰ্মুক ৷" জনীয়াত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত আশাব্যঞ্জক মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে (Ranjeet Das on presidential election) ৷
বুধবাৰে বৰপেটা জিলাৰ জনীয়াত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । আগন্তুক দিনত লোকসভা নিৰ্বাচনত কেনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ দলীয় প্ৰাৰ্থী জয়ী কৰাব পৰা যায় তাৰ বাবে মণ্ডল আৰু বুথ পৰ্যায়ত কেনেদৰে ৰণকৌশল ৰচনা কৰিব পৰা যায় সেই সম্পৰ্কে পৰ্যালোচনা কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে ৷
এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলা সভাপতি অনিল দাস, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি পদৰ NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুয়ে বিৰোধী দলৰ ভোট লাভ কৰি বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দৃঢ়বিশ্বাসৰে কয় মন্ত্ৰী ৰঞ্জিত দাসে ৷
লগতে পঢ়ক : গুৱাহাটীত ভানু জয়ন্তী উৎসৱ উদযাপন