বৰপেটা,২৮ মাৰ্চ: চেঙা সমষ্টিত বলিছে ৰাজনৈতিক গৰম বতাহ । প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান উঠিছে তুংগত । আন আন দলৰ প্ৰাৰ্থী সমূহৰ দৰে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ৰবিউল হুছেইনেও চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান। শনিবাৰে চেঙা আৰু বহৰি ৰিজাৰ্ভত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে । কাৰ্যালয় মুকলি কৰি প্ৰাৰ্থী গৰাকীয়ে কয়, বিজেপি আৰু অগপ দলে ঐক্যবদ্ধ ভাবে আগবাঢ়ি গৈছে ৷
ভাষণ প্ৰসংগত এআইইউডিএফ আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি ৰবিউল হুছেইনে কয়, মই চেঙা সমষ্টিৰ নেতা নহয়, বেটা ৷ কংগ্ৰেছ আৰু এআইইউডিএফ দলে মিলি যিমান ভোট লাভ কৰিব, সিমান ভোট অগপ দলে অকলে লাভ কৰিব।
লগতে পঢ়ক: ৩০ মাৰ্চৰ সন্ধিয়া ৬ বজাত সমাপ্ত কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ