ETV Bharat / state

বৰপেটাত পুষ্প কাঁহাৰ বুৰঞ্জীমূলক পূর্ণাংগ নাটখন মঞ্চস্থ

Drama staged in Barpeta: বৰপেটা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত জীৱন্ত হ'ল পুষ্প কঁহাৰ । জনপ্ৰিয় নাট্যকাৰ পৰিচালক প্রমোদ দাস ৰচিত আৰু পৰিচালিত নাট পুষ্প কাঁহাৰ মঞ্চস্থ বৰপেটাত । প্ৰায় ৩০ গৰাকী শিল্পীয়ে অভিনয় কৰা নাটখন উপভোগ কৰি মুগ্ধ দৰ্শকসকল ।

Pushpa Kanhar play staged in Barpeta
বৰপেটাত জীৱন্ত পুষ্প কঁহাৰ
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 12:53 PM IST

Updated : Jan 3, 2024, 1:55 PM IST

বৰপেটাত জীৱন্ত পুষ্প কঁহাৰ

বৰপেটা,৩ জানুৱাৰী: পুষ্প কাঁহাৰ নাটকৰ মাজেৰে মঞ্চত উপস্থাপন কৰা হয় ১৮৯৪ চনৰ অসমৰ কৃষকসকলে গঢ়ি তোলা কৃষক বিদ্ৰোহৰ জ্বলন্ত সমস্যাসমূ্হ । হেৰিটেজ ফাউণ্ডেচনে নিবেদন কৰা জনপ্ৰিয় নাট্যকাৰ পৰিচালক প্রমোদ দাস ৰচিত আৰু পৰিচালিত নাট পুষ্প কাঁহাৰ নামৰ বুৰঞ্জীমূলক পূর্ণাংগ নাটখন মঞ্চস্থ কৰা হয় বৰপেটা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ।

উল্লেখ্য যে, পুষ্প কঁহাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলৰ প্ৰাকস্বাধীনতা কালৰ এক কিংবদন্তী পুৰুষ । সৰ্থেবাৰীৰ কাঁহ শিল্পক গৌৰৱান্বিত কৰা কঁহাৰ শিল্পীসকলৰ ভিতৰত স্বৰ্গীয় পুষ্পৰাম কঁহাৰ আছিল অন্যতম । বৃটিছ চৰকাৰৰ বৰ্দ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিদ্ৰোহ ঘোষণা কৰিছিল পুষ্প কঁহাৰে । ১৮৯৪ চনৰ জানুৱাৰী মাহৰ সৰ্থেবাৰী অঞ্চলৰ পানা গাঁৱৰ টুপত কৃষক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ।

বৃটিছ চৰকাৰে অধিক হাৰত খাজনা লোৱাত অতিষ্ঠ হৈ সৰুক্ষেত্ৰীৰ সকলো ৰাইজ একগোট হৈ পুষ্প কঁহাৰৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ পুষ্প কঁহাৰ ৰাজৰোষত পৰি ছয় বছৰৰ বাবে কাৰাদণ্ডিত হৈছিল । পিছত তেওঁৰ শিল্প নৈপুণ্যই মোহিত কৰিছিল চৰকাৰী বিষয়াসকলক । সেয়ে তিনি বছৰ কালতে কাৰাবাস শেষ কৰি তেওঁ মুকলি হৈ আহিছিল ।

ঘটনাক্ৰমত তেওঁ আত্মীয় স্বজনক হেৰুৱাই দিশহাৰা হৈ পৰিছিল আৰু স্থানীয় লোকৰ অন্ধ বিশ্বাসৰ বলি হৈ জন্মস্থান সৰ্থেবাৰী এৰি গুছি যাব লগা হৈছিল । পুষ্প কঁহাৰৰ এই হৃদয় বিদাৰক ঘটনাই তথা তেওঁৰ ত্যাগে একো স্বীকৃতি নাপালে । জন মানসৰ পৰা হেৰাই গ'ল পুষ্প কঁহাৰ । আজিৰ নৱ প্ৰজন্মই পুষ্প কঁহাৰৰ ত্যাগ , সংগ্ৰামী সত্তা , শিল্প নৈপুণ্যক জনাৰ প্ৰয়োজন বুলি ভাবি সেই মহান ব্যক্তিগৰাকীক ৰাইজৰ সন্মুখলৈ উলিয়াই অনাৰ বাবে নাটকৰ মাজেৰে এই প্রয়াস কৰা বুলি সংবাদ মাধ্যমৰ আগত কয় পৰিচালক প্ৰমোদ দাসে । প্ৰায় ৩০ গৰাকী শিল্পীয়ে অভিনয় কৰা নাটখন উপভোগ কৰি মুগ্ধ হৈ পৰে উপস্থিত দৰ্শকসকল ।

লগতে পঢ়ক: বাক্সাত ডাম্পাৰ চালক সন্থাৰ প্ৰতিবাদ

Last Updated : Jan 3, 2024, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.