ETV Bharat / state

জনীয়াত শ্লুইছ গেট নিৰ্মাণত ব্যাপক খেলিমেলি

author img

By

Published : Dec 12, 2020, 1:09 PM IST

জনীয়াত শ্লুইছ গেট নিৰ্মাণক লৈ বিসংগতি পৰিলক্ষিত হৈছে জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰা গাঁৱত ৷ পূৰ্বৰ নিৰ্ধাৰিত স্থানত শ্লুইছ গেট নিৰ্মাণ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনাৰ ৷

জনীয়াত শ্লুইছ গেট নিৰ্মাণত ব্যাপক খেলিমেলি
জনীয়াত শ্লুইছ গেট নিৰ্মাণত ব্যাপক খেলিমেলি

জনীয়া, 12 ডিচেম্বৰ: জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰা গাঁৱৰ চাউলউখোৱা নদীৰ মথাউৰিত এটা শ্লুইছ গেট নিৰ্মাণৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিভাগীয় কৰ্তৃপক্ষই ৷ স্থানীয় বিধায়কৰ উপস্থিতিত গাঁওখনৰ ৰাইজৰ সৰ্বসন্মতি মৰ্মে এডোখৰ স্থান নিৰূপন কৰা হয় শ্লুইছ গেট নিৰ্মাণৰ বাবে ৷ তাৰ পাচতেই জলসম্পদ বিভাগৰ অভিযন্তাৰ সৈতে গাগলমাৰী গাঁৱৰ লোকমান আলীৰ লগত এখন বৈঠক হয় ৷ বৈঠকৰ পাচতে অভিযন্তাগৰাকীয়ে 5 শতাধিক ৰাইজৰ সন্মতিমৰ্মে নিৰূপন কৰা স্থানত শ্লুইছ গেট নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী বিসংগতি দেখুৱায় ৷

ইফালে শুকুৰবাৰে জুম্মা নামাজৰ সময়তে গাগলমাৰী গাঁৱৰ লোকমান আলীৰ আমন্ত্ৰণত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰে ৷ ক্ষেত্ৰ পৰিদৰ্শন কৰি চক্ৰ বিষয়াগৰাকীয়ে সৰ্বস্তৰৰ ৰাইজৰ বিপৰীতে লোকমান আলীয়ে নিৰ্ধাৰণ কৰি দিয়া ঠাইত শ্লুইছ গেট নিৰ্মাণৰ বাবে সন্মতি প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ যাৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, লোকমান আলীয়ে নিৰ্ধাৰণ কৰি দিয়া স্থানত শ্লুইছ গেট নিৰ্মাণ কৰিলে তেওঁ বছৰেকত বহু লক্ষাধিক টকাৰ মাছ বিক্ৰীৰ সুবিধা পাব ৷ কিন্তু তাৰ পৰিৱৰ্তে অসুবিধাত পৰিব আন ৰাইজ ৷ লোকমান আলীয়ে নিৰ্ধাৰণ কৰা স্থানত শ্লুইছ গেট নিৰ্মাণ কৰিলে পানীৰ তীব্ৰ সোঁতে উটুৱাই নিব 40 ৰ পৰা 50 টা পৰিয়ালৰ বাসগৃহ ৷ এই যুক্তিৰ পাচতে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বান সাহায্য বন্ধ কৰাৰ লগতে আৰক্ষীৰ হতুৱাই কাম কৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰে ৰাইজে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত ৰাইজে চক্ৰ বিষয়াৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে ৷

লগতে পঢ়ক: 19 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শৈক্ষিক ভাৰ্চুৱেল সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.