ETV Bharat / state

বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Oct 8, 2020, 1:42 PM IST

বৰপেটা জিলা ডাক সেৱা বিষয়াৰ বিৰুদ্ধে জনীয়াত প্ৰতিবাদ ৷ জনীয়াৰ বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ পৰা বালিকুৰী ননকে গাঁও কৰ্তন কৰি অন্য ডাক সেৱা কেন্দ্ৰত সংলগ্ন কৰাত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৷ শীঘ্ৰে পূৰ্বৰ দৰে ডাক সেৱা আৰম্ভ নকৰিলে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

জনীয়াৰ বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ

জনীয়া, 8 অক্টোবৰ: জনীয়াৰ বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ সন্মুখত শতাধিক ৰাইজৰ প্ৰতিবাদ ৷ অঞ্চলটোৰ বালিকুৰী ননকে গাঁওখন বালিকুৰী ডাক সেৱা কেন্দ্ৰটোৰ পৰা কৰ্তন কৰি বাংকাভাঙা ডাকসেৱা কেন্দ্ৰৰ সৈতে সংলগ্ন কৰাত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 'ডাক সেৱা বিষয়া কে কে দাস মুৰ্দাবাদ' শ্ল'গানেৰে অঞ্চলটো উত্তাল কৰি তুলি ৰাইজে অভিযোগ কৰে যে বৰপেটা জিলাৰ ডাক সেৱা বিষয়া কে কে দাসে ষড়যন্ত্ৰমূলক ভাৱে এই কাৰ্য কৰি ৰাইজক অসুবিধাত পেলাইছে ৷

বালিকুৰী ডাক সেৱা কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ

বাংকাভাঙা ডাক সেৱা কেন্দ্ৰৰ সৈতে সংলগ্ন হ'লে অঞ্চলটোৰ লোক সকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি জানিবলৈ দি প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক উক্ত নিৰ্দেশ বাতিল কৰি পূৰ্বৰ দৰে ডাক সেৱা কেন্দ্ৰটো পৰিচালনা কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষই এই দাবী মানি ন'ললে প্ৰতিবাদকাৰী সকলে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে এখন ৰাইজ মেল পাতি পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা পাগল হৈছে,পাগলখানাত তেওঁক ভৰ্তি কৰাম:আজমল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.