ETV Bharat / state

গুণিয়ালগুৰিত দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কলগাছিয়াৰ গুণিয়ালগুৰিত দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । পঞ্চায়ত সভাপতি ৰফিক ভূঞা হায় হায় ধ্বনি প্ৰতিবাদকাৰীৰ । পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ । বোকাপানী গচকি যাতায়ত ৰাইজৰ ।

Protest Against GP President at Kalgachia

author img

By

Published : Sep 27, 2020, 2:20 PM IST

জনীয়া, 27 ছেপ্টেম্বৰ : কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গুণিয়ালগুৰি গাঁৱত দীৰ্ঘদিন ধৰি বোকা পানী গছকি স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগা হৈছে । দক্ষিণ গুণিয়ালগুৰি পি ডব্লিউ ডি পথটোৰ পৰা উত্তৰ গুনিয়ালগুৰিলৈকে তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ এটি গ্ৰাম্য পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই ৷

Protest Against GP President at Kalgachia
গুণিয়ালগুৰিত দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কিন্তু সম্পূৰ্ণ নিৰ্মাণ নকৰাকৈ অতি নিম্নমানৰ কাম কৰাৰ লগতে পথটো অৰ্ধনিৰ্মিত কৰি সিংহভাগ টকা আত্মসাৎ কৰি গুচি যোৱাৰ অভিযোগ কৰিছে ৰাইজে । ফলত এটা সপ্তাহতেই অৰ্ধ নিৰ্মিত ৰাস্তাটো খহি যোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ । আজি পঞ্চায়ত সভাপতি ৰফিক ভূঞাৰ দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও শীঘ্ৰে ৰাস্তাটো নিৰ্মাণ কৰি দিয়াৰ লগতে সভাপতি গৰাকীৰ বিৰুদ্ধে শাস্তিৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.