ETV Bharat / state

মানাহ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত অভিনৱ প্ৰতিবাদ

author img

By

Published : Aug 7, 2020, 12:36 PM IST

জনীয়া সমষ্টিৰ ক্ষুদ্রখোৱা,মানিকপুৰ আৰু ইছবপুৰ গাঁৱত মানাহ নৈৰ খহনীয়াৰ তাণ্ডৱ । খহনীয়া প্ৰতিৰোধৰ দাবীত পানীত নামি অভিনৱ প্ৰতিবাদ। কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটা জলসম্পদ বিভাগ,বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেক।

protest against govt. at jania
মানাহ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত অভিনৱ প্ৰতিবাদ

জনীয়া, 7 আগষ্ট : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ক্ষুদ্রখোৱা গাঁৱত মানাহ নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত শুকুৰবাৰে পুৱা পানীত নামি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে খহনীয়াগ্ৰস্ত ৰাইজে । বানপানী কমি যোৱাৰ লগে লগে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ক্ষুদ্রখোৱা,মানিকপুৰ আৰু ইছবপুৰ আদি গাঁৱত। মানাহ নৈৰ খহনীয়াই ইতিমধ্যে দুই শতাধিক পৰিয়াললৈ অমানিশা নমাই অনাৰ লগতে ৫ সহস্ৰাধিক পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে । বিশেষকৈ ক্ষুদ্রখোৱা গাঁৱৰ শ শ পৰিয়াললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাৰ লগতে প্ৰায় ৫ শতাধিক বিঘা খেতি পথাৰ নৈখনৰ বুকুত জাহ গৈছে ।

বিগত ৫ বছৰত নৈ খনৰ গৰাখহনীয়াৰ কৱলত পৰি সহস্ৰাধিক পৰিয়ালে ইতিমধ্যে সৰ্বস্ৰান্ত ৱহেৰুৱাই পেলাইছে । কিন্তু এই ক্ষেত্ৰত নিৰ্বাচনৰ সময়ত খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে শুকুৰবাৰে ক্ষুদ্রখোৱা,মানিকপুৰ আৰু ইছবপুৰ গাঁৱৰ ৰাইজে মানাহ নৈৰ পানীত নামি জিঅ' বেগেৰে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীয়ে খহনীয়া প্ৰতিৰোধৰ দাবীত স্থানীয় বিধায়ক,বৰপেটাৰ সাংসদ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । এইক্ষেত্ৰত জিলা প্ৰশাসন,স্থানীয় বিধায়ক,বৰপেটাৰ সাংসদ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সহায় বিচাৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : কৰ'ণাৰ ঔষধ হিচাপে ব্যৱহাৰৰ সম্ভাৱনা সুৰাপায়ীৰ চিকিৎসাত ব্যৱহাৰ ঔষধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.