ETV Bharat / state

চাফাই কৰ্মীৰ কৰ্মবিৰতি পালন, সংকটত বৰপেটা অসামৰিক চিকিৎসালয়

author img

By

Published : Nov 23, 2021, 1:32 PM IST

চাকৰি নিয়মীয়া কৰাৰ দাবীত ৰাজ্যজুৰি চাফাই কৰ্মীৰ তিনিদিনীয়া কৰ্ম বিৰতি ঘোষণা ৷ পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ আহ্বান বৰ্তমানৰ মুখ্যমন্ত্ৰীক ৷

sanitation workers on strike
চাকৰি নিয়মীয়া কৰাৰ দাবীত চাফাই কৰ্মীৰ তিনিদিনীয়া কৰ্ম বিৰতি ঘোষণা

কলগাছিয়া, 23 নৱেম্বৰ : নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিড মহামাৰীৰ সময়ত নিৰন্তৰে কাম কৰি যোৱা চাফাই কৰ্মীয়ে লৈছে কৰ্ম বিৰতিৰ সিদ্ধান্ত ৷ ৰাজ্যৰ আন ঠাইৰ লগতে বৰপেটা অসামৰিক চিকিৎসালয়তো কৰ্মৰ পৰা বিৰত থাকিল চাফাই কৰ্মীসকল (sanitation workers on strike) ৷ চাফাই কৰ্মীৰ কৰ্মবিৰতিৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে চিকিৎসালয়খনত ৷

চাফাই কৰ্মীৰ কৰ্ম বিৰতি

কলগাছিয়াৰ একাংশ চাফাই কৰ্মীয়ে দাবী কৰা মতে, ২০১০ চনৰ পৰাই তেওঁলোকে অতি কম বেতনত 17/18 বছৰ ধৰি কাম কৰি আহিছে ৷ বছৰি বাঢ়ি বাঢ়ি বৰ্তমানে তেওঁলোকৰ মাহিলি আয় হৈছে গৈ ছহেজাৰ টকা যি তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয় ৷ পৰিয়ালৰ ভৰণ-পোষণৰ লগতে সন্তানৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে আপোচ কৰি চলিবলগীয়া হয় ৷

সেয়েহে 22 নৱেম্বৰত সমূহ চাফাই কৰ্মীয়ে (sanitation workers) চৰকাৰৰ আগত দাবী জনাই একেলগে কৰ্ম বিৰতি ঘোষণা কৰে আৰু এই বিৰতি 24 নৱেম্বৰলৈকে অৰ্থাৎ বুধবাৰলৈকে অব্যাহত থাকিব বুলি উল্লেখ কৰে ৷ চাফাই কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ (job regularization for sanitation workers ) কৰাৰ আহ্বান জনায় তেওঁলোকে চৰকাৰক লগতে মাহিলি আয় বৃদ্ধি কৰাৰ বাবেও দাবী তোলে (demand to increase monthly wages) ৷

লগতে চাওক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.