ETV Bharat / state

Barpeta Love jihad: বৰপেটা লাভ জেহাদকাণ্ডৰ মূল অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 21, 2023, 10:59 PM IST

সংবাদমেলেও বচাব নোৱাৰিলে ৰিতুলক ৷ অভিযোগ প্ৰতিঅভিযোগকো নস্যাৎ কৰি বৰপেটাৰ আৰক্ষীয়ে লাভ জেহাদৰ অভিযোগত অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ কৰে (Love jihad accused Ritul Hussain arrested ) ৷

Love jihad accused Ritul Hussain arrested
মূল অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ
মূল অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

বৰপেটা/জনিয়া, 21 মাৰ্চ: লাভ জেহাদৰ অভিযোগত অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ কৰে বৰপেটাৰ আৰক্ষীয়ে (Love jihad accused Ritul Hussain arrested ) ৷ বৰপেটা আৰক্ষীৰ এটা দলে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক ৷ এগৰাকী যুৱতীক পৰীক্ষা দিবলৈ যোৱাৰ পথত অপহৰণ কৰা বুলি দিছপুৰ থানাত ৰিতুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল (accused Ritul Hussain arrested ) ৷ তাৰ পৰৱৰ্তী সময়ত দিছপুৰ থানাই গোচৰটো বৰপেটা থানালৈ হস্তান্তৰ কৰিছিল (Barpeta Love jihad) ৷ অভিযুক্ত ৰিতুলে যুৱতীগৰাকীৰ চৰিত্ৰ হনন কৰা কেবাটাও ভিডিঅ’ ভাইৰেল কৰিছিল ৷

ইফালে গ্ৰেপ্তাৰৰ পূৰ্বেই মঙলবাৰ কলগাছিয়াত এক সংবাদমেলৰ আয়োজন কৰি কৈছিল, ‘‘যুৱতীগৰাকীয়ে মোৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগসমূহ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । তেওঁ ইয়াৰ পূৰ্বে চাৰিবৰকৈ মোৰ ঘৰলৈ আহিছিল যদিও তাইৰ মাতৃ আৰু পিতৃয়ে তেওঁক লৈ যায় ৷ তাই মোক পৰামৰ্শ দিয়া মতেই তাইক লৈ মই পলুৱাই লৈ গৈছিলোঁ ৷ আমি মে’ মাহত ধৰ্মানুযায়ী বিয়াপাশত আৱদ্ধ হওঁ । বিয়া পতাৰ পিচত আমি একেলগে সুখ শান্তিৰেই বাস কৰিছিলোঁ ।’’

ৰিতুলে লগতে কয়, ‘‘তেওঁ নিজৰ সৰ্বস্ব ত্যাগ কৰি মোৰ ওচৰলৈ আহিছিল । ছয়মাহলৈ তেওঁ কিয় একো নক’লে ৷ ভাৰতীয় আইন ব্যৱস্থাক তেওঁলোকে খেলৰ পুতলা বুলি ভাবিছে ৷ ইতিহাসত এইটোৱে প্ৰথম অপহৰণৰ ঘটনা হ’ব য’ত অপহৰণকাৰীয়ে ছোৱালীৰ হাতত হাত ধৰি ৰোমাণ্টিক ভিডিঅ’ বনাইছে ৷ ছোৱালীৰ ঘৰে স্ক্ৰিপ্ট লিখিবলৈ হ’লে ভালকৈ লিখক, নিখুঁতভাৱে স্ক্ৰিপ্ট লিখক ৷ সংবাদমাধ্যমৰ লোকসকলক কমেডিয়ানৰ দৰে ঘূৰাই আছে ছোলাৱীৰ পিতৃয়ে ৷’’

লগতে যুৱকজনে কয়, ‘‘বিধায়ক আৱাসৰ চিচিটিভি ফুটেজৰ লগতে গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ ফুটেজ পৰীক্ষা কৰক ৷ তেওঁ মোক শিলচৰ যাবলৈ লগ ধৰিছিল, তাত আমি গৈছিলো যদিও কোনো ভাড়াঘৰ নোপোৱাত আমি ডিমাপুৰলৈ গুচি আহিলোঁ ৷ তাত আমি একেলগে যথেষ্ট সময় একেলগে পাৰ কৰিছো ৷ তেওঁ মোৰ বিৰুদ্ধে যিমানেই গোচৰ নিদিয়ক কিয়, মই একো নকওঁ, তেওঁক কোনো গালি শপনি নাপাৰিব, সেইবোৰ দেখিলে মোৰেই বেয়া লাগে ৷ যিয়েই নহওক কিয় মই তেওঁৰ স্বামী ৷ তেওঁৰ পিতৃয়ে আমাৰ সম্পৰ্কৰ কথা জনাৰ পিচত মোক ঘৰলৈ আহি সম্পৰ্ক শেষ কৰিবলৈ বুজাইছিল ৷ কিন্তু মই মান্তি হোৱা নাছিলো ৷’’

ইফালে শেহতীয়াকৈ এই যুৱতীগৰাকীয়ে এই ৰিতুল আৰু তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ কথা নস্যাৎ কৰি ৰিতুলৰ সৈতে কোনো প্ৰেমৰ সম্পৰ্ক নাছিল বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ এই ঘটনাক লাভ জেহাদ বুলি আখ্যা দি ৰিতুলে তেওঁক অপহৰণ কৰা বুলি কেমেৰা সন্মুখত কৈছিল যুৱতীগৰাকীয়ে ৷

লগতে যুৱতীগৰাকীক বিধায়ক আশ্ৰাফুল হুছেইনৰ MLA হোষ্টেলত নি শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ লগতে অনৈতিক কাৰ্যত লিপ্ত কৰোৱা বুলিও অভিযোগ উত্থাপন কৰিছিল ৷

লগতে যুৱতীগৰাকীয়ে কৈছিল যে, আশ্ৰাফুলে ডিমাপুৰলৈ যোৱা ট্ৰেইনৰ টিকট কাটি দি বিধায়কৰ গাড়ীৰে বিধান সভাৰ চৌহদৰ বাহিৰলৈ আনি কেবেৰে পল্টন বজাৰলৈ পঠাই দিছিল । ডিমাপুৰত মোক জোৰ কৰি দেউতা-মাৰ বিষয়ে বেয়া বেয়াকৈ কৈ ভিডিঅ' বনাবলৈ বাধ্য কৰিছিল ৰিতুলে । ভিডিঅ' বনাওতে ৬-৭ বাৰ ৰীটেক হৈছিল । ভালকৈ ভিডিঅ' কৰিব নোৱাৰা বাবে মোক মাৰ-পিটো কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে ৷

লগতে পঢ়ক: Ashraful Hussain accused of kidnap: বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে অপহৰণৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.