বৰপেটা, 6 আগষ্ট: সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীনভাৱে সংগ্ৰাম কৰি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জেহেৰুল ইছলাম ওৰফে বুলবুল খান আজি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ৷ বৃহস্পতিবাৰে বৰপেটা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ স্বাস্থ্য বিধি মানি চলি দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লওতেই, বৰভিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু একাংশ লোকে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠীচালনা কৰে ৷ এই ফেচীবাদী কাৰ্যকলাপৰ বিৰুদ্ধে যেতিয়া ছাত্ৰনেতা গৰাকীয়ে কলগাছিয়া আৰক্ষী থানাত আহি এজাহাৰ দাখিল কৰে, তেতিয়া সেই এজাহাৰ থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে বুলি উল্লেখ কৰে সংবাদমেলত ৷
পৰৱৰ্তী সময়ত আৰক্ষী বিষয়া গৰাকীৰ এনে কাৰ্যকলাপৰ বিষয়ে নামনি অসমৰ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক গৰাকীক অৱগত কৰে ছাত্ৰনেতা সকলে ৷ তাৰ পাচতেই আৰক্ষী থানাখনত সেই গোচৰ পঞ্জীয়ন কৰে ৷ হয়তো ইয়াৰ বাবেই কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ক্ষুব্ধ হৈ তেওঁলোকে শান্তিপূৰ্ণভাৱে আন্দোলন কৰা লোকসকলৰ ওপৰত মনে সজা গোচৰ জাপি দি প্ৰতিবাদকাৰী সকলক ভয় দেখুওৱাৰ চেষ্টা কৰাৰ লগতে, জেহেৰুল ইছলামক গ্ৰেপ্তাৰ কৰে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে ছাত্ৰনেতা আশ্ৰাফুল ইছলামে ৷ দক্ষিণ তিতাপানী সমবায়ত সংঘটিত হৈ অহা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মাত মতাৰ বাবেই বৰপেটা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক বুলবুল খানক ষড়যন্ত্ৰমুলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও অভিযোগ কৰি, বুলবুল খানক মুকলি কৰি দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনায় ।
লগতে পঢ়ক: CAA, EIA2020 বাতিলৰ দাবীৰে মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদ