বৰপেটা, ১৫ ডিচেম্বৰ : বৰপেটা জিলাত শুকুৰবাৰৰ পৰা তিনিটা পৰ্যায়ত নিয়মীয়া টীকাকৰণৰ পৰা কোনো কাৰণত বাদ পৰি যোৱা একৰ পৰা পাঁচ বছৰ বয়সৰ শিশুসকলৰ মাজত বিশেষ টীকাকৰণ অভিযান আৰম্ভ হ'ব (immunization drive in Barpeta) । বৃহস্পতিবাৰে বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে জিলাখনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ পৰেশ কলিতাই (chief medical officer of Barpeta) ।
ইয়াৰ লগতে টীকাকৰণৰ পৰা বাদ পৰি যোৱা গৰ্ভৱতী মহিলাকো তেওঁলোকৰ প্ৰয়োজনীয় টীকা প্ৰদান কৰা হ'ব (immunization drive for child and pragnant women) । সংবাদমেলত বৰপেটাৰ জিলা টীকাকৰণ বিষয়া (Barpeta District Vaccination Officer) ডাঃ ৰাজীৱ বৰবৰাই কয় যে জিলাখনৰ ৮৮৭ খন গাঁৱৰ ভিতৰৰ ১৭৯ খন গাঁৱক সামৰি এই অভিযান চলিব । উক্ত গাঁওসমূহত টীকাকৰণৰ পৰা কোনো কাৰণত বাদ পৰা ১,২৬৬ টি শিশু আছে ।
তেওঁলোকক ২৬৪ টা স্বাস্থ্য উপকেন্দ্ৰত টীকা প্ৰদান কৰা হ'ব । একেদৰে টীকাকৰণৰ পৰা বাদ পৰা ১৭৮ গৰাকী মহিলাকো টীকা প্ৰদান কৰা হ'ব । আশাকৰ্মী (Asha workers) আৰু অংগনৱাড়ী কৰ্মীৰ (Aganawadi workers) জৰিয়তে এই তথ্য নিৰূপণ কৰাৰ পাছত তিনিটা পৰ্যায়ত তেওঁলোকক টীকা প্ৰদান কৰা হ'ব ।
আনহাতে, বৰপেটাৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ পুলিন চন্দ্ৰ শৰ্মাই কয় যে প্ৰধানকৈ যক্ষ্মা, হেপাটাইচিছ, পলিঅ', বসন্ত, ডায়েৰীয়া, নিউমোনিয়া, ডিপথেৰিয়া, জাপানিজ এনকেফেলাইটিছ, ধনুষ্টংকাৰ আদি ৰোগৰ প্ৰতিষেধক এই অভিযানত প্ৰদান কৰা হ'ব ।
উল্লেখ্য, গৰ্ভৱতী আৰু নৱজাতকসকলক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত উক্ত ৰোগসমূহৰ প্ৰতিষেধক টীকা বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । আনহাতে, গৰ্ভৱতী আৰু ছয় বছৰ বয়সলৈকে সকলো শিশুৱে উক্ত টীকা গ্ৰহণ কৰাটো বাধ্যতামূলক । ইয়াৰ বাবে আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মীসকলৰ জৰিয়তে স্বাস্থ্যকৰ্মীসকলে বিভিন্ন স্বাস্থ্য উপকেন্দ্ৰ তথা নিকটৱৰ্টী কোনো স্থানত নিয়মিত ব্যৱধানত টীকা প্ৰদান কৰি অহা হৈছে । কিন্তু কিবা কাৰণত যদি কোনো শিশু বা গৰ্ভৱতী উক্ত টীকাৰ পৰা বাদ পৰি যায় তেনেহ'লে পৰৱৰ্তী সময়ত বিশেষ টীকাকৰণ অভিযানৰ জৰিয়তে উক্ত টীকা প্ৰদান কৰা হয় ।