বৰপেটাৰোড, 20 অক্টোবৰ : বিগত বছৰৰ দৰে চলিত বৰ্ষত বৰপেটা ৰোডত জাকজমকতাৰে উদযাপিত নহয় শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পূজা ৷ ক'ভিড-19 ৰ বাবে বৰপেটা ৰোডত পূৰ্বৰ দৰে উদযাপন নহয় শাৰদীয় দুৰ্গা উৎসৱ ৷

উল্লেখ্য যে, পূৰ্বতে বৰপেটা ৰোড আৰু ইয়াৰ আশে পাশে থকা অঞ্চল সমূহত পূৰ্বে প্ৰায় ছয় শতাধিক পূজা অতি জাকজমকতাৰে উদযাপিত কৰা হৈছিল যদিও এইবেলি মাত্ৰ 120 খন পূজাহে উদযাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ''ৰূপান্তৰ প্ৰজন্মৰ প্ৰতিধ্বনি'' শীৰ্ষক এখনি ক্ষুদ্ৰ আলোচনীৰ উন্মোচন
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া নিৰ্দেশনাৰ ভিত্তিত বৰপেটা জিলা প্ৰশাসনে প্ৰতিটো পূজা মণ্ডপৰ পুৰোহিতকে ধৰি পূজা কমিটী সমূহৰ প্ৰতিজন সদস্যক ক'ভিড-19 ৰ পৰীক্ষা বাধ্যতামূলক কৰাত মঙলবাৰে বৰপেটা ৰোড প্ৰেছ ক্লাব আৰু ভগৱানী দেবী প্ৰসূতি সদনত ক'ভিড-19 ৰ পৰীক্ষা কৰা হয় ৷
বৰপেটা ৰোডৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলে বৰপেটা ৰোড প্ৰেছ ক্লাবত 50 জন আৰু ভগৱানী দেবী প্ৰসূতি সদনত 70 জন লোকক ক'ভিড-19 টেষ্ট কৰাৰ কথা জানিবলৈ দিয়ে ৷ মঙলবাৰে সম্পন্ন হোৱা 120 জন লোকক পৰীক্ষা কৰাৰ পাছত এজনো লোকৰ শৰীৰত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰা নাই বুলিও চিকিৎসকৰ দলটিয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : মিজো আগ্ৰাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ