ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান - কলগাছিয়া

কলগাছিয়াত ৭৪ তম স্বাধীনতা দিৱসৰ দিনটোতেই মৰহুম কদ্দুচ দেৱানী চেৰিটেৱল ট্ৰাষ্টৰ উদ্যোগত ২০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

poor student Help By Marhum Kuddus Dewani Seriteol Trust in Jania
কলগাছিয়াত স্বাধীনতা দিৱস উপলক্ষে কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান
author img

By

Published : Aug 15, 2020, 4:22 PM IST

জনীয়া, 15 আগষ্টঃ বৰপেটাৰ জিলাৰ কলগাছিয়াত ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে মৰহুম কদ্দুচ দেৱানী চেৰিটেৱল ট্ৰাষ্টৰ উদ্যোগত ২০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

কলগাছিয়াত স্বাধীনতা দিৱস উপলক্ষে কৃতি ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান

আজি দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ কলগাছিয়াৰ নৱোদয় পুথিভৰাল প্ৰেক্ষাগৃহত আজি ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে কলগাছিয়াৰ খনিকৰ মৰহুম কদ্দুচ দেৱানী চেৰিটেৱল ট্ৰাষ্টৰ উদ্যোগত জনিয়া সমষ্টিৰ অন্তৰ্গত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত বৰ্ষত উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ২০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক নগদ ১০ হাজাৰকৈ টকা, গামোচা আৰু এখন জীৱনীমূলক গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয় । ট্ৰাষ্টৰ সভাপতি আব্দুল কৰিম আৰু সম্পাদক আব্দুল মজিদৰ উপৰিও লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছেইন, নৱজ্যোতি কলেজৰ অধ্যক্ষ ড০ ছাহজাহান আলী আহমেদ, প্ৰবীন সাংবাদিক মৌলানা আব্দুল হামিদ সহ বহু বিশিষ্ট লোক উপস্থিত থাকে । অনাগত দিনত দেৱানী চাহাবৰ স্মৃতি সজীৱ কৰাৰ উদ্দেশ্যে এনে ধৰনৰ অনুষ্ঠান কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে ।

লগতে পঢ়ক- অনুষ্টুপীয়া কাৰ্যসূচীৰে বিলাসীপাৰা আৰু আমিনগাঁৱত পালন স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.