ETV Bharat / state

ৰেচন কাৰ্ডক লৈ বৰপেটাত দুৰ্নীতি সংঘটিতৰ অভিযোগ

author img

By

Published : Jun 24, 2021, 6:57 PM IST

দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ অধীনষ্ঠ কুমল্লীপাৰা গাঁৱৰ এগৰাকী এজেণ্টৰ বাবে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী । ঘটনাৰ তদন্ত দাবী কৰি ভুক্তভোগীয়ে দাখিল কৰিলে স্মাৰক পত্ৰ ।

rations
পৰিয়াল ৰেচন কাৰ্ডকলৈ বৰপেটাত দুৰ্নীতিৰ অভিযোগ

বৰপেটা, ২৪ জুন : দৰিদ্ৰ সীমাৰেখাৰ তলৰ (Below poverty line) হিতাধিকাৰীৰ নাম কৰ্তন কৰি ধনৰ বিনিময়ত একাংশ ধনী শ্ৰেণীৰ লোকৰ নাম সন্নিৱিষ্ট কৰি চৰকাৰী সূলভ মূল্যৰ চাউল সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এনে ঘটনা সংঘটিত হৈছে বৰপেটাৰ দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ (cooperative society) অধীনষ্ঠ কুমল্লীপাৰা গাঁৱত ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী হিতাধিকাৰীসকলে এই ঘটনাৰ উচিত তদন্ত বিচাৰি বৰপেটা জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ (memorandum) প্ৰদান কৰিছে ৷

কুমল্লীপাৰা গাঁৱৰ ছানিয়াৰা খাতুন নামৰ এগৰাকী মহিলাৰ সুলভ মূল্যৰ দোকানৰ (Affordable Stores) পৰা অঞ্চলটোৰ বহুসংখ্যক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকে চাউলকে ধৰি অন্যান্য বয়-বস্তু (Ration) লাভ কৰি আহিছিল ৷ কিন্তু সেই গাঁৱৰে আজাহাৰ আলী ভূঞা নামৰ আন এজন সুলভ মূল্যৰ এজেণ্টে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ পৰিয়াল পৰিচয় পত্ৰসমূহ (Family ration card) নাকচ হোৱা বুলি কৈ সেইসকল দুৰ্ভগীয়া লোকৰ পৰিচয় পত্ৰৰ সলনি অন্য একাংশ ধনী শ্ৰেণীৰ নামত সকলো হিতাধিকাৰী (Beneficiary) সজাই প্ৰকৃত লোকসকলৰ পত্ৰসমূহ কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ক'ভিড মহামাৰীৰ বাবে কাম বন্ধ হৈ পৰাত আৰ্থিকভাৱে জুৰুলা হৈ পৰা লোকসকলে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে ৷ তেনে সময়তে এনে ধৰণৰ দুৰ্নীতি সংঘটিত হোৱাত এতিয়া ক্ষোভিত পৰিছে স্থানীয় ৰাইজ ।

প্ৰকৃত হিতাধিকাৰীৰ নাম কিয় কটা গ'ল সেই সম্পৰ্কে বিভাগীয়ভাৱে কোনো ধৰণৰ সঁহাৰি নিদিয়াত অঞ্চলটোৰ একাংশ লোক জাঙুৰ খাই উঠিছে ৷ উক্ত ঘটনাৰ এক উচ্চস্তৰৰ তদন্ত দাবী কৰি বৰপেটা জিলা উপায়ুক্তক (Barpeta District Commissioner) নিৰপেক্ষ তদন্ত দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷ কি কাৰণত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী শ্ৰেণীৰ নামত পৰিয়াল পৰিচয় পত্ৰ প্ৰদান কৰিছে আৰু এই ঘটনাত কোন জড়িত আছে তাৰ এক নিৰপেক্ষ তদন্ত দাবী কৰিছে দুখীয়া পৰিয়ালৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ পালেগৈ শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্দীপ জালান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.