ETV Bharat / state

বৰপেটাৰ পক্ষী নিধন ঘটনাৰ তদন্ত : আটক এজন

author img

By

Published : Jul 22, 2021, 9:03 PM IST

বৰপেটাৰ শিলা গাঁৱৰ কঠিয়াতলিত বিষ প্ৰয়োগ কৰি প্ৰায় তিনি শতাধিক পক্ষী নিধন কৰা হৈছিল ৷ ঘটনা সন্দৰ্ভত বনমন্ত্ৰীৰ তদন্ত ঘোষণাৰ পিছতে কঠিয়াতলিৰ মাটি সংগ্ৰহ আৰক্ষীৰ ৷ নেটেৰে ঢাকি দিয়া হৈছে সমগ্ৰ এলেকা ৷ আটক এজন ৷

police investigation the birds killing case
বৰপেটাৰ পক্ষী নিধন ঘটনাৰ তদন্ত; আটক এজন

বৰপেটা, 22 জুলাই : এতিয়াও মাৰ যোৱা নাই বৰপেটাৰ পক্ষী নিধনৰ ঘটনাৰ চাঞ্চল্য ৷ সোমবাৰ অৰ্থাৎ 19 জুলাইত বৰপেটাৰ শিলাগাঁৱৰ কৃষি ভূমিত বিষক্ৰিয়া ঘটি প্ৰায় তিনি শতাধিক পক্ষীৰ মৃত্যু হৈছিল ৷ যি ঘটনাই তোলপাৰ লগাইছিল ৰাজ্য ৷

এই ঘটনাৰ পাচতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে বৰপেটা পশু চিকিৎসা বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷ তদন্তৰ খাতিৰত বৰপেটা পশু চিকিৎসা বিভাগৰ এটা দল সোমবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় ৷ মৃত পক্ষীৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীৰ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰে ৷

এই ঘটনাৰে সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে মান্নান আলী নামৰ এগৰাকী ব্যক্তিক আটক কৰিছে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে মান্নান আলীক ৷ এই ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত দুগৰাকীক এতিয়াও আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷ যাক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

বৰপেটাৰ পক্ষী নিধন ঘটনাৰ তদন্ত; আটক এজন

বুধবাৰে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পক্ষীৰ মৃত্যুৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ লগতে পৰিৱেশ আৰু বনমন্ত্ৰীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ পিচতেই বনমন্ত্ৰীয়ে দিয়ে এই কঠোৰ নিৰ্দেশনা ৷

পক্ষী নিধন কৰা কঠিয়াতলিত পুনৰ চৰাই-চিৰিকটি বা জীৱ-জন্তুৰ যাতে অনিষ্ট হ’ব নোৱাৰে, তাৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে পক্ষীৰ মৃত্যু ঘটা এলেকাটো প্লাষ্টিকৰ নেটেৰে ঢাকি দিয়া হৈছে ৷ ইপিনে গাঁৱখনত পক্ষী নিধনৰ উক্ত ঘটনাক লৈ গাঁৱবাসী লজ্জিত হৈ পৰে ৷ ঘটনাৰ সৈতে জড়িত প্ৰকৃত দোষীক বিচাৰি উলিয়াই উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: বৰপেটাৰ পক্ষী হত্যাৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.