ETV Bharat / state

কলগাছিয়াৰ কাউৰজাহীত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ

কলগাছিয়াৰ কাউৰজাহীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ । কৃষক বিৰোধী তিনিখনকৈ আইন বাতিলৰ দাবীত আৰু মোদী চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তিৰ বিৰুদ্ধে আৰু কৃষক সভাৰ কলা দিৱস পালন ।

author img

By

Published : May 26, 2021, 3:42 PM IST

pm-effigy-burnt-in-kalgasia-
কলগাছিয়াৰ কাউৰজাহীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ

বৰপেটা, 26 মে’: কেন্দ্ৰত অধিস্থিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষক বিৰোধী ৰূপে সমালোচিত হোৱা আইনৰ বিৰুদ্ধে বিগত ৬ মাহ ধৰি ৫ শতাধিক কৃষক সংগঠনে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত ধাৰাবাহিক ভাবে ঐতিহাসিক আন্দোলন কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে উক্ত কৃষি আইন কেইখন বাতিল নকৰাৰ সিদ্ধান্ত অটল হৈ থাকে ।

আনহাতে, দেশত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ সাত বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বুধবাৰে নিখিল ভাৰত কৃষক সভা, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন আদি কৰি পাচ শতাধিক সংগঠনে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গোটেই দেশ ব্যাপী ক’লা দিৱস পালনৰ আহবান দিছে । ইয়াৰে অংশ হিচাপে কলগাছিয়াৰ কাউৰজাহীত এছ এফ আই , ডি ৱাই এফ আই আৰু কৃষক সভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু কৃষি বিৰোধী আইন সমূহ বাতিল নহ’লে বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : এলডিচিএমএলৰ উপাধ্যক্ষ পবিত্ৰ দলেক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.