ETV Bharat / state

প্ৰাৰ্থিত্ব লাভৰ পিছত ভৱানীপুৰত উপস্থিত ফণী তালুকদাৰ

এআইইউডিএফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ভৱানীপুৰ সমষ্টিত উপস্থিত হ'ল ফণী তালুকদাৰ । প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে দলীয় কৰ্মকৰ্তাই বাইক ৰেলীও উলিয়ায় ।

প্ৰাৰ্থীত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ভৱানীপুৰত উপস্থিত ফনী তালুকদাৰ

author img

By

Published : Mar 11, 2021, 9:48 PM IST

পাঠশালা,১১ মাৰ্চ: বৃহস্পতিবাৰে বৰপেটাৰ ভৱানীপুৰ সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী ফণী তালুকদাৰক উষ্ম আদৰণি জনালে দলৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে । বিধানসভা নিৰ্বাচনৰ বাবে এআইইউডিএফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে সমষ্টিটোত উপস্থিত হয় প্ৰাৰ্থীগৰাকী । পাঁচ সহস্ৰাধিক কৰ্মকৰ্তাই বাইক ৰেলী উলিয়ায় । তালতলৰ পৰা ভৱানীপুৰ, এডিপি বজাৰ, শুকমানা, মাজগাঁও, ৰৌমাৰী, গাটি হৈ কৰ্মকৰ্তাসকলে গোটেই সমষ্টিটো পৰিভ্ৰমণ কৰে ।

সমষ্টিটোৰ পৰা বিগত সময়ত দুবাৰ প্ৰতিদ্বন্দ্বিতা কৰি এআইইউডিএফ-ৰ বিধায়ক আবুল কালাম আজাদৰ হাতত পৰাস্ত হোৱা ফণী তালুকদাৰে এইবাৰ এআইইউডিএফ-ৰ প্ৰাৰ্থিত্ব লাভ কৰি উৎসাহিত হৈ পৰিছে । বৃহস্পতিবাৰে প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মকৰ্তাই নিৰ্বাচনী যুঁজৰ বাবে প্ৰস্তুতি চলোৱাত দুগুণ উৎসাহ লাভ কৰিছে ।

লগতে পঢ়ক: পাথাৰকান্দিত কংগ্ৰেছ কৰ্মীয়ে ভাঙিলে কংগ্ৰেছৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.