ETV Bharat / state

গোবিন্দপুৰত বেকীৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

author img

By

Published : Aug 23, 2021, 9:51 AM IST

কলগাছিয়াৰ পাহাৰতলি গোবিন্দপুৰত বেকী নৈৰ বিধ্বংসী খহনীয়া অব্যাহত ৷ খহনীয়াৰ কবলত পৰি বেকী নৈৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ মাটি-ভেটি । আশ্ৰয়হীন হৈ পৰিছে গাঁওবাসী ৷

People protest in Kalgasia
বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত কলগাছিয়াক ৰাইজৰ প্ৰতিবাদ

জনীয়া, 23 আগষ্ট : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পাহাৰতলি গোবিন্দপুৰত বেকী নদীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৷ বাঘবৰ সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁও পঞ্চায়তৰ পাহাৰতলি গোবিন্দপুৰ গাঁৱত বিগত দুমাহ ধৰি অব্যাহত থকা খহনীয়াৰ ফলত গৃহহীন হৈ পৰিছে শতাধিক পৰিয়াল ৷ খহনীয়াৰ কবলত মাটি-ভেটি, ঘৰ-দুৱাৰ হেৰুৱাই আশ্ৰয়হীন হৈ পৰিছে স্থানীয় ৰাইজ ।

গোবিন্দপুৰত বেকীৰ বিধ্বংসী খহনীয়া অব্যাহত

ইয়াৰ পিছতো বৰপেটা জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে বৰ্তমানলৈ খবৰ ল’বলৈ আহৰি পোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকে । যাৰ বাবে দেওবাৰে খহনীয়াগ্ৰস্ত ৰাইজে বেকীৰ পাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে বৰপেটাৰ সাংসদ আব্দুল খালেক, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মিজানুৰ ৰহমানে চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

erosion of Beki river
খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

তেওঁ প্ৰায় ১০০ টাতকৈ অধিক পৰিয়ালৰ ভেটি-মাটি নদীৰ বুকুত বিলীন হোৱাৰ লগতে ৩০-৩৫ টা পৰিয়াল খহনীয়াৰ কবলত পৰাৰ উপক্ৰম হোৱাৰ পাছতো চৰকাৰ বা জন প্ৰতিনিধিয়ে সমস্যা সমাধান কৰিবলৈ সদিচ্ছা প্ৰকাশ নকৰাৰ বিষয়ে তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷ ভুক্তভোগী ৰাইজে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰা, খহনীয়াগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে পশুধনৰ খাদ্য যোগান ধৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক : পানীৰ পৰিমাণ হ্ৰাস পালেও অপৰিৱৰ্তিত ধেমাজিৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.