ETV Bharat / state

চৰকাৰী চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগ, গৰমত ত্ৰাহি মধূসুদন সুঁৱৰিছে ৰোগীয়ে - গৰমত ত্ৰাহি মধুসোদন সুঁৱৰিছে ৰোগীয়ে

অত্যাধিক গৰমত ত্ৰাহি মধূসুদন সুঁৱৰিছে ৰোগীয়ে (Patient complaint against govt hospital)৷ বিদ্যুৎ নাথাকিলে ৰোগীৰ প্ৰতিটো কোঠাত ঘণ্টাৰ পৰা ঘণ্টালৈকে নচলে এখনো ফেন । যাৰবাবে এতিয়া ৰোগীয়ে বিচিব লগা হৈছে ৷

চৰকাৰী চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগ
চৰকাৰী চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগ
author img

By

Published : Sep 8, 2022, 10:46 AM IST

Updated : Sep 8, 2022, 11:22 AM IST

জনীয়া, 8 ছেপ্টেম্বৰ: "ইয়াৰ গৰমত কালিৰ পৰা কোনো ৰোগীয়ে শুব পৰা নাই ৷ 1200 টা ছীটৰ মাজত কোঠাটোত মাত্ৰ দুখনকৈ ফেন ৷ ইয়াত বিজুলী এঘণ্টা থাকিলে দুঘণ্টা নাথাকে ৷ হিমন্ত চাৰ আপুনি কলগাছিয়া মেডিকেললৈ চকুটো মেলি চাওক ৷" অত্যাধিক গৰমত ত্ৰাহি মধুসোদন সুঁৱৰিছে ৰোগীয়ে (Patient complaint against govt hospital) ৷ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ বিৰুদ্ধে সততে অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এইবাৰ উৎকত গৰমত চৰকাৰক সুঁৱৰিছে ৰোগীয়ে (Electricity crisis in Hospital) ৷

ৰাজ্যজুৰি অত্যাধিক গৰমৰ ফলত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত (worst situation in Barpeta civil hospital) নিশা ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিদ্যুৎ নাথাকিলে ৰোগীৰ প্ৰতিটো কোঠাত ঘণ্টাৰ পৰা ঘণ্টালৈকে নচলে এখনো ফেন । যাৰবাবে ৰোগীয়ে এতিয়া নিজেই বিচনীৰে বিচিব লগা হৈছে ৷ তাৰোপৰি ব্যৱস্থা থকাৰ পিছতো চিকিৎসালয়ত নচলে ডি জি ৷

গৰমত ত্ৰাহি মধুসোদন সুঁৱৰিছে ৰোগীয়ে

প্ৰকৃততে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ ভিতৰখনত ৰোগী ৰখাৰ নামত যাতনাহে ভুগাইছেহে ৰোগীক ৷ চিকিৎসালয়খনত ৰোগীৰ বাবে ন্যূন্যতম সা-সুবিধাখনিও উপলব্ধ নাই৷ চিকিৎসালয়খনত নাই খোৱা পানীৰ ব্যৱস্থা, ফলত পানীৰ বটল ক্ৰয় কৰি দিন কটাবলগা হৈছে ৰোগীয়ে ৷

ইফালে চিকিৎসালয়খনৰ ভিতৰচোৱা লেতেৰা হোৱাৰ ফলত একাংশ ৰোগীয়ে থাকিবলৈ অনুপযোগী বুলি মন্তব্য প্ৰকাশ কৰে ৷ অতি সোনকালে এই চিকিৎসালয়খনত নজৰ দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰোগীৰ লগতে অভিভাৱকে ৷

লগতে পঢ়ক: টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

Last Updated : Sep 8, 2022, 11:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.