পাঠশালা,8 জানুৱাৰী: ক’ভিড সৃষ্ট পৰিৱেশ আৰু লক ডাউনৰ বাবে জীৱিকাৰ সংশয়ত ভোগা একাংশ যুৱকে এইবেলি কৃষি কৰ্মৰে জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷ উল্লেখ্য যে,বজালীৰ কেইগৰাকীমান সমাজ সচেতন যুৱকৰ প্ৰচেষ্টাত 'সমন্বয় সমবায় সমিতি' নামৰ এক অনুষ্ঠানৰ জন্ম দি অঞ্চলটোৰ এশ গৰাকী যুৱকক সংগঠিত কৰি আৰম্ভ কৰিছে কৃষি কাৰ্য ৷
সম্প্ৰতি এই সমিতি খনে ৪০০ বিঘা কৃষিভূমি লীজত লৈ পৰীক্ষা মূলকভাৱে পাঠশালাৰ মুগুৰীয়াত ৩০ বিঘা কৃষিভূমি সামৰি তিঁয়হ,সৰিয়হ আৰু আলু খেতি কৰে ৷ এইদৰে চাৰি বিঘা কৃষি ভূমিত তিঁয়হ খেতি কৰি সমবায় খনে চাৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে উদ্যোমী যুৱক সকলে ৷