জনীয়া, 9 এপ্ৰিল : লক্ ডাউনৰ বাবে ৰাজ্যৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি । দেশ ব্যাপী চলি থকা লক্ ডাউনে খেতিয়কৰ জীৱনলৈ নমাই আনিছে চৰম হতাশা । পানীৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট মেলাৰ ফলত উপায়হীন হৈছে কৃষক । তাৰোপৰি প্ৰয়োজনাীয় মাত্ৰাত সাৰ প্ৰয়োগ কৰিব পৰা নাই ইৰি খেতিত ৷
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি, দাৱনদিয়া, কলগাছিয়া আদি গাঁৱৰ বহু খেতিয়কৰ হাজাৰ হাজাৰ বিঘা ইৰি ধানৰ খেতিত পানীৰ অভাৱত চিৰাল ফাঁট মেলিছে। খৰালি কালত কৰা ইৰি খেতিত পাম্পৰ জৰিয়তে পানী যোগান ধৰা হয়, কিন্তু বৰ্তমান পানী পাম্প চলাবলৈ অপাৰগ কৃষক ৷ কিয়নো লক্ ডাউনৰ ফলত কৃষকে ক্ৰয় কৰিব পৰা নাই পাম্প চলাবলৈ কেৰাচিন, ডিজেল আদি ইন্ধন ৷ আনহাতে ধনৰ অভাৱত সাৰ আৰু কীটনাশক যোগান ধৰিব নোৱাৰাত ছন পৰিছে বহু ইৰি ধানৰ খেতি। ফলত মহা সংকটত পৰিছে খেতিয়ক সকল। ইফালে বতৰেও কোনো ধৰণে সহায় নকৰাত মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকলে । চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে খেতিয়ক সকলে খাদ্য সংকটত মৰিব লাগিব বুলি প্ৰকাশ কৰিছে । সেয়ে তৎকালীনভাৱে চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ দাবী জনাইছে ভূক্তভোগীয়ে।
লগতে পঢ়ক : কুঁৱাত পৰি দুই শিশু সহ মৃত্যু তিনিজনৰ