ETV Bharat / state

কলগাছিয়াত PACL কোম্পানীৰ এজেণ্টক ঘেৰাও কৰিলে একাংশ মহিলাই - এজেণ্টক ঘেৰাও কৰিলে একাংশ মহিলাই

বৰপেটাৰ কলগাছিয়াত গ্ৰাহকৰ পৰা ধন লৈ ৰামঠগন PACL কোম্পানীৰ । ধন ঘূৰাই নাপাই কোম্পানীৰ এজেণ্টক ঘেৰাও কৰিলে ক্ষুদ্ধ মহিলাই । মাৰি পেলালেও ধন ঘূৰাই দিবলৈ অপাৰগ বুলি গ্ৰাহকক উত্তৰ দিলে এজেণ্টে ।

PACL company Agent detained in Kalgachia
কলগাছিয়াত PACL কোম্পানীৰ এজেণ্টক ঘেৰাও কৰিলে একাংশ মহিলাই
author img

By

Published : Oct 16, 2021, 4:26 PM IST

জনীয়া, ১৬ অক্টোবৰ : শুকুৰবাৰে বৰপেটাৰ কলগাছিয়াৰ চাৰিআলি চকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পথৰ মাজতে PACL কোম্পানীৰ এজেণ্টক আগভেটি ধৰি জমা থোৱা ধন ঘূৰাই দিবলৈ দাবী জনাই একাংশ মহিলাই । দৰাচলতে PACL কোম্পানীৰ এজেণ্ট আজগৰ আলীয়ে এই মহিলাসকলৰ পৰা মাহে ১২০-২০০ টকাকৈ সংগ্ৰহ কৰিছিল । মহিলাসকলৰ অভিযোগ অনুসৰি আজগৰে প্ৰায় ৫ বছৰ ৬ মাহ ধৰি ধন সংগ্ৰহ কৰিছিল অঞ্চলটোৰ মহিলাসকলৰ পৰা ।

কলগাছিয়াত PACL কোম্পানীৰ এজেণ্টক ঘেৰাও কৰিলে একাংশ মহিলাই

কিন্তু ২০১৪ চনত মেছ্যুৰিটী হোৱা ধন আজি পৰ্যন্ত গ্ৰাহকে লাভ কৰা নাই । সেয়ে, প্ৰাপ্য ধন লাভ নকৰাত ক্ষুদ্ধ হৈ পৰে মহিলাসকল । ১৬ গৰাকী মহিলাক ধন জমা দিয়াৰ ৰছিদো দিয়া হৈছিল । কিন্তু মহিলাসকলে ধন লাভ কৰিবলৈহে সক্ষম হোৱা নাই ।

সেয়ে, মহিলাসকলে আজগৰ আলীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পাচতে আজগৰ আলীয়ে শুকুৰবাৰে কলগাছিয়া আৰক্ষী থানাত উপস্থিত হয় ।

থানাৰ পৰা উভতি যোৱাৰ পথতে কলগাছিয়া চাৰিআলি চকত একাংশ মহিলাই আজগৰ আলীক আগভেটি ধৰে আৰু প্ৰাপ্য ধন বিচাৰে । লগে লগে চাৰিআলি চকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আজগৰ আলীক আৰক্ষী থানালৈ নিয়ে ।

কিন্তু তেতিয়া মহিলাকেইগৰাকীয়ে আজগৰ আলীক পিছফালৰ পৰা টানি ধৰে । আনহাতে, আজগৰ আলীয়ে কয় যে, তেওঁ কোম্পানীৰ হৈ ধন সংগ্ৰহ কৰিছিল, নিজৰ কামৰ বাবে নহয় । লগতে তেওঁ ব্যক্তিগতভাৱে মহিলাসকলৰ ধন উভতাই দিবলৈ অপাৰগ বুলিও স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:হাফলঙৰ দিয়ুং নৈত সম্পন্ন প্ৰতিমা বিসৰ্জন পৰ্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.