ETV Bharat / state

Storm in Barpeta : লুৰফুৰীয়াত ধুমুহাই প্ৰাণ কাঢ়িলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ - লুৰফুৰীয়াত কাল ধুমুহা

ব’হাগৰ আৰম্ভণিতে বৰদৈচিলাই ৰাজ্যত চলাই তাণ্ডৱ (Storm in Barpeta) ৷ গৰু বিহুৰ দিনা সন্ধিয়া অহা এজাক কাল ধুমুহাই প্ৰাণ কাঢ়িলে বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত লুৰফুৰীয়া গাঁৱৰ খবিৰ উদ্দিনৰ বিশেষভাৱে সক্ষম কন্যা ফুলজান নেছাৰৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে এতিয়া শোকৰ ছাঁ ৷

One person died in Heavy storm lashes Barpeta
লুৰফুৰীয়াত কাল ধুমুহাই প্ৰাণ কাঢ়িলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ
author img

By

Published : Apr 15, 2022, 9:48 AM IST

জনীয়া, 15 এপ্ৰিল : ব’হাগৰ আৰম্ভণিতে ৰাজ্য জোঁকাৰি গ’ল এজাক কাল ধুমুহাই ৷ গৰু বিহুৰ দিনাই নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলগাছিয়াৰ ভিন্ন অঞ্চলটো বৰদৈচিলাই চলাই তাণ্ডৱ । তথ্য অনুসৰি, গৰু বিহুৰ দিনা বিয়লি ভাগত অহা এজাক ধুমুহা আৰু শিলাবৃষ্টিয়ে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে (Thunderstorm shook Barpeta) ৷

বৃহস্পতিবাৰ বিয়লিৰ ভাগত হঠাৎ অহা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি তচনচ হয় (Storm in Barpeta) ৷ ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা । কেৱল গছ-গছনি ভঙাই নহয়, বৰপেটাৰ লুৰফুৰীয়াত কাল ধুমুহা(Heavy storm lashes Barpeta)ৰ ফলত এডাল প্ৰকাণ্ড গছৰ তলত পৰি মৃত্যু হয় এগৰাকী যুৱতীৰ ৷

মৃত যুৱতীগৰাকী বাঘবৰ ৰাজহ চক্ৰ তথা বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত লুৰফুৰীয়া গাঁৱৰ খবিৰ উদ্দিনৰ বিশেষভাৱে সক্ষম কন্যা ফুলজান নেছাৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ধুমুহা অহাৰ সময়ত ফুলজান নেছাৰ পৰিয়ালৰ আন চাৰিগৰাকী সদস্যৰ সৈতে এখন বিছনাত বহি আছিল ৷ তেনে সময়তে প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰৰ পিছফালে থকা এটা প্ৰকাণ্ড গছ উভালি ঘৰৰ ওপৰত বাগৰি পৰে ।

লুৰফুৰীয়াত কাল ধুমুহাই প্ৰাণ কাঢ়িলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ

উক্ত সময়ত, খবিৰ উদ্দিনৰ পৰিয়ালৰ আন চাৰিগৰাকী সদস্য ঘৰৰ ভিতৰৰ পৰা দৌৰি ওলাই যাবলৈ সক্ষম হয় ৷ কিন্তু বিশেষভাৱে সক্ষম দুৰ্ভগীয়া ফুলজান নেছাই ওলাই যাব নোৱাৰাত গছৰ তলত পৰি অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷ পৰৱৰ্তী সময়ত, স্থানীয় ৰাইজে গছ কাটি ফুলজান নেছাৰৰ মৃতদেহ উদ্ধাৰ কৰে ।

ইফালে ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ নিশাই ফুলজানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজত প্ৰেৰণ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : গৰু বিহুৰ দিনাই কলগাচিয়াত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.