ETV Bharat / state

পিতৃ-মাতৃ ভাৰতীয়, পুত্ৰ ‘ডি’ ভোটাৰ - গোৱালপাৰাৰ ডিটেনশ্বন কেম্প

‘ডি’ ভোটাৰ সজোৱা স্বাহিদুলৰ ককাকৰ 1966 চনৰ ভোটাৰ তালিকাৰ লগতে তেখেতৰ পিতৃয়ে ভোটাধিকাৰ সাব্যস্ত কৰা দিনৰ পৰা বৰ্তমানলৈ সকলো নথি-পত্ৰ আৰু মাটিৰ দলিল মজুত আছে ৷ আটকাধীন স্বাহিদুল ইছলামৰ 2018 চনৰ ভোটাৰ তালিকাতো নাম আছে ৷ এনে ক্ষেত্ৰত তেখেতক বিদেশী সজাই বন্দী কৰি ৰখাৰ কাৰণটো তেঁও ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবেই নেকি বুলি সচেতন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে ৷

one man arrested as D voter at kalgachiya
পিতৃ-মাতৃ ভাৰতীয়, পুত্ৰ ‘ডি’ ভোটাৰ
author img

By

Published : Jan 3, 2020, 11:08 AM IST

জনিয়া,3 জানুৱাৰীঃ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদানৰ যো-জা আৰম্ভ কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ কেইবাঠাইতো ‘ডি ভোটাৰ’ হিচাপে চিনাক্ত হোৱা বহু লোকে উদঙাই দিছে শাসক দলৰ আন এক ছবি ৷ ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো বিজেপি চৰকাৰে পৰিকল্পিত ভাৱে ‘ডি’ ভোটাৰ সজাই নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি এক অভিযোগ উত্থাপিত হৈছে ৷

‘ডি’ ভোটাৰৰ নামত আটক কলগাছিয়া স্বাহিদুল ইছলাম

উল্লেখ্য যে, যোৱা মঙলবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ স্বাহিদুল ইছলাম নামৰ এজন লোকক বিদেশী সজাই গোৱালপাৰাৰ ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰা হয় ৷ ‘ডি’ ভোটাৰ সজোৱা স্বাহিদুলৰ ককাকৰ 1966 চনৰ ভোটাৰ তালিকাৰ লগতে তেখেতৰ পিতৃয়ে ভোটাধিকাৰ সাব্যস্ত কৰা দিনৰ পৰা বৰ্তমানলৈ সকলো নথি-পত্ৰ আৰু মাটিৰ দলিল মজুত আছে ৷ আটকাধীন স্বাহিদুলৰ ইছলামৰ 2018 চনৰ ভোটাৰ তালিকাতো নাম আছে ৷ এনে ক্ষেত্ৰত তেখেতক বিদেশী সজাই বন্দী কৰি ৰখাৰ কাৰণটো তেঁও ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবেই নেকি বুলি সচেতন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে ৷ আনহাতে, বিদেশী ন্যায়াধিকৰণত স্বাহিদুলে নিজক ভাৰতীয় বুলি প্ৰামণ কৰিবলৈ যিসমূহ কাগজ পত্ৰ জমা কৰিছিল সেই কাগজসমূহৰ প্ৰকৃত কপিসমূহত বিদেশী ন্যায়াধিকৰণৰ সদস্যই ৰঙা চিয়াঁহীৰে ভোটাৰ পৰিচয় পত্ৰ, পান কাৰ্ড, 1966 চনৰ লিগেচি ডাটা গোচৰ নং তাৰিখ আদি লিখি স্বাক্ষৰ কৰিছে ৷ যাৰ ফলত সেই নথি-পত্ৰসমূহ তেখেতে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও সন্দেহ প্ৰাকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক-সেনা-আৰক্ষীৰ জালত দুৰ্ধৰ্ষ এন এফ বি(ছ)ৰ সদস্য

Intro:slug: as_jania_3jan_'d'_voters_vis4+byt1+pho2_spl_pkg_story_asc10058

Anchor: পিতৃ-মাতৃ ভাৰতীয় পুতেকক 'ডি' ভোটৰ নামত বিদেশী সজাই ডিটেনশ্বন কেম্পত বন্ধি। এই ঘটনা সংঘটিত হৈছে জনীয়া সমষ্টিৰ কলগছীয়াত। চাওক ই টিভি ভাৰতৰ এক প্ৰতিবেদন -Body:slug: as_jania_3jan_'d'_voters_vis4+byt1+pho2_spl_pkg_story_asc10058

VO: ১৯৯৭ চনৰ পৰাই ৰাজ্যত 'ডি' ভোটৰ নামত বিদেশী সজাই বৈধ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি অহা হৈছে সেয়া সৰ্বজনবিদিত। কিন্তু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে 'কা'ৰ জৰিয়তে হিন্দু বিদেশীক স্বদেশী কৰিবলৈ উঠি পৰি লাগিছে। তাৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘু লোকক পৰিকল্পিত ভাৱে বিজেপি চৰকাৰে নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। যোৱা মঙ্গলবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ স্বহিদুল ইছলাম নামৰ এগৰাকী লোকক বিদেশী সজাই গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্ধি কৰা হৈছে। উক্ত স্বহিদুল ইছলামৰ ককাৰ ১৯৬৬ চনৰ ভোটৰ তালিকা পিতৃয়ে ভোটাধিকাৰ সাব্যস্ত কৰা দিনৰ পৰা বৰ্তমানলৈকে ভোটৰ তালিকাত নাম থকাৰ লগতে মাটিৰ দলিল আদি সকলো মজুত আছে। আনকি যি গৰাকী স্বহিদুল ইছলামক ডিটেনশ্বন কেম্পত বন্দী কৰা হৈছে সেই জন স্বহিদুল ইছলামৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা ২০১৮ চনৰ ভোটৰ তালিকাত নাম আছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। তেনে ক্ষেত্ৰত তেওঁক বিদেশী সজাই ডিটেনশ্বন কেম্পত বন্দী কৰাৰ কাৰণ তেওঁ মুছলমান হোৱাৰ বাবে নেকি বুলি সচেতন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে। আনহাতে বিদেশী ন্যায়াধিকৰণত স্বহিদুলে নিজক ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ যি সমূহ কাগজ জমা কৰিছিল সেই কাগজ সমূহৰ মূল কপি চোৱাৰ বিদেশী ন্যায়াধিকৰণৰ সদস্যই ৰঙা চিয়াঁহীৰে ভোটৰ পৰিচয়, পত্ৰ পান, ১৯৬৬ চনৰ লিগেচি ডাটা গোচৰ নং তাৰিখ আদি লেখি চহী স্বাক্ষৰ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত সেই নথি পত্ৰ খিনি কোনো কামত হয়তু ব্যবহাৰ কৰিব নোৱাৰিব বুলিও ৰাইজ সন্দিহান আৰু প্ৰতিটো মূল নথি বা কাগজত ৰঙা চিয়াঁহীৰে গোচৰ নাম্বৰ লেখি অইন কামৰ বাবে ব্যবহাৰৰ অযোগ্য কৰি পেলোৱাৰ অধিকাৰ বিদেশী ন্যায়াধিকৰণৰ সদস্য গৰাকীয়ে ক'ত পালে বুলিও সচেতন মহলত পশ্নই ঠাই লৈছে।

Special Package StoryConclusion:slug: as_jania_3jan_'d'_voters_vis4+byt1+pho2_spl_pkg_story_asc10058

Byte: স্বহিদুলৰ ভাতৃৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.