বৰপেটা, 10 আগষ্ট: বৰপেটাৰ সৰ্থেবাৰীত মঙলবাৰে সংঘটিত হয় এটি ভয়াৱহ পথ দুৰ্ঘটনা(Road accident in Barpeta) । সৰ্থেবাৰীৰ বেঙাপাৰাৰ মৃত্যুঞ্জয় একাডেমীৰ সম্মুখত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱ কাঁহ শিল্পী(One died in Road accident in Barpeta) । নিহত যুৱকজন সৰ্থেবাৰীৰ ওজা কঁহাৰ শিল্পী কহিৰাম ডেকাৰ কনিষ্ঠ পুত্ৰ কঁহাৰ শিল্পী কিশোৰ ডেকা(ভকতি) বুলি জানিব পৰা গৈছে ।
সমান্তৰালকৈ এই দুৰ্ঘটনাত আহত হয় সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ধনজিৎ ডেকা আৰু শিক্ষক হিৰণ্য ডেকা । ধনজিৎ ডেকা আৰু হিৰণ্য ডেকাই চলোৱা স্কুটীখনৰ নম্বৰ AS15 H 6044 বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, বনিয়াকুছিৰ দিশৰ পৰা সৰ্থেবাৰীৰ গৃহ অভিমুখে আহি থকা অৱস্থাত বাইক আৰোহী কিশোৰ ডেকা আৰু স্কুটী আৰোহী ধনজিৎ ডেকাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুয়োগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পকী পথত বাগৰি পৰে তিনিওগৰাকী লোক ।
এই দুৰ্ঘটনাত মূৰত আঘাতপ্ৰাপ্ত হৈ থিতাতে নিহত হয় কিশোৰ ডেকা(৩০)নামৰ লোকজন । আনহাতে, আহত ধনজিৎ ডেকা আৰু হিৰণ্য ডেকাক সৰ্থেবাৰীৰ ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোতে এক শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক : Road accident: শোণিতপুৰৰ কচুবিলত ভয়ংকৰ পথ দুৰ্ঘটনা