ETV Bharat / state

Road Accident at Howly : হাউলীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

author img

By

Published : Dec 31, 2021, 9:12 AM IST

বৃহস্পতিবাৰে হাউলীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Howly) ৷ এখন বাইক আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত এজন ৷

one-death-in-howly-road-accident
হাউলীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বৰপেটা, 31 ডিচেম্বৰ : চৌদিশে চলিছে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ৷ আগন্তুক নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু পৰিবহণ বিভাগে প্ৰতিদিনে সজাগতা কাৰ্যসূচীৰ সমান্তৰালকৈ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে চলাই গৈছে অভিযান ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে হাউলীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Howly) ৷ এই পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হৈছে এজন (one death in road accident at Howly) ৷

ঘটনা অনুসৰি, হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দুই ভাতৃয়ে হাউলীৰ পৰা ভৱানীপুৰ দিশলৈ বাইকেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকে বাইকৰ সৈতে দুই ভাতৃক মহতিয়াই লৈ যায় ৷ ফলত বাইক আৰোহী শ্বহিদুল ইছলাম থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় শ্বহিদুলৰ ভাতৃ । যুৱকদ্বয় ভৱানীপুৰৰ ছাপাৰবুৰি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা হৈছে ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই তাৎক্ষণিকভাৱে খবৰ দিয়া হয় হাউলী আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তিজনক উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে, গুৰুতৰভাৱে আহত ব্যক্তিজনক চিকিৎসালৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷

লগতে পঢ়ক : Encounter in Jorhat : আৰক্ষীৰ গুলিত গুলীবিদ্ধ পচা ওৰফে ৰমেশ বাছফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.