ETV Bharat / state

বৰপেটাত NRCৰ বিৰুদ্ধে প্ৰতিবাদী সমদল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ - আছু

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত খিলঞ্জীয়া ভূমিপুত্ৰ তথা গৰিয়া-মৰিয়া সকলকৰ নাম বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবী জনাই বৰপেটা চহৰত প্ৰতিবাদী সমদল সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত আছু আৰু আন আন জাতীয় দল সংগঠনৰ ৷

NRC ক লৈ প্ৰতিবাদী সমদল সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ
author img

By

Published : Oct 29, 2019, 6:18 PM IST

বৰপেটা, 29 অক্টোবৰঃ ৰাজ্যত এতিয়াও ওৰ পৰা নাই NRC কেন্দ্ৰীক প্ৰতিবাদ ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত অসমে লাভ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে গৰিষ্ঠসংখ্যক খিলঞ্জীয়া অসমীয়াৰ NRC ৰ পৰা নাম বাদ পৰাক লৈ পুনৰ ৰাজপথলৈ ওলাই আহিল জাতীয় দল-সংগঠন ৷

আজি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত আছু আৰু আন-আন জাতীয় দল সংগঠনৰ সহযোগত বৰপেটা চহৰত এক বিশাল গণ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰী দলটোৱে খিলঞ্জীয়া ভূমিপুত্ৰ তথা গৰিয়া-মৰিয়া সকলকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবী জনোৱাৰ লগতে ৰাজ্য চৰকাৰ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে সংগঠনটোৱে বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি গৰীয়া-মৰিয়া আৰু দেশীয় জনগোষ্ঠীয় লোকৰ নাম বিনা চৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্তিৰ দাবী জনায় ৷ আনহাতে গৰীয়া-মৰীয়া দেশী ভূমিপুত্ৰ সকলৰ বাবে ৰাজ্য চৰকাৰে সুকীয়া জৰীপৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া কাৰ্যকাৰী কৰিবলৈ দাবী জনায় ৷ আনহাতে ৰাজ্যখনৰ গৰিয়া-মৰিয়াসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰো দাবী তোলে সংগঠনটোৱে ৷

NRC ক লৈ প্ৰতিবাদী সমদল সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ

আৰু পঢ়কঃ নলবাৰীত বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

Intro:
বৰপেটা, ২৯ অক্টোবৰঃ খিলঞ্জীয়া অসমীয়াৰ চল্লিছ বছৰীয়া সংগ্ৰামৰ ফলশ্ৰুতিত অসমত প্ৰস্তুত হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত অসমে লাভ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ পিছে দূৰ্ভাগ্যজনকভাৱে বিদেশীৰ নামমুক্তিৰ পৰিৱৰ্তে লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভূক্তিৰে প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিল খিলঞ্জীয়া অসমীয়াৰ নাম ৷ খিলঞ্জীয়া অসমীয়াৰ নাম বাদ দি প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ৷ Body:আজি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত আছু আৰু আন আন জাতীয় দল সংগঠনৰ সহযোগত বৰপেটা চহৰত এক বিশাল গণ সমদল উলিয়াই খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়া, মৰিয়া আৰু দেশীলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিচৰ্তভাৱে অন্তৰ্ভূক্তিৰ দাবী জনায় ৷ বৰপেটা চহৰত বিশাল গণ সমদল কাৰ্যসূচীৰে বৰপেটা উপায়ুক্তৰ কাৰ্যালয়লৈ আগবঢ়া প্ৰতিবাদকাৰীসকলক আদবাটতে ভেটা দিয়ে আৰক্ষীয়ে ৷ তাৰপিচতেই ৰাজ্য চৰকাৰৰ লগতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি গৰীয়া, মৰিয়া আৰু দেশীজনগোষ্ঠী লোকৰ নাম নিচৰ্তভাৱে নাগৰিক পঞ্জীত অন্তৰ্ভূক্তিৰ দাবী জনায় ৷ আনহাতে গৰীয়া মৰীয়া দেশী ভূমিপুত্ৰ সকলৰ বাবে ৰাজ্য চৰকাৰে সুকীয়া জৰীপৰ বাবে যি সিদ্ধান্ত গ্ৰহন কৰিছিল সেয়া কাৰ্যকৰী কৰিবলৈ দাবী জনায় ৷ আনহাতে ৰাজ্যখনৰ গৰিয়া মৰিয়াসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰো দাবী তোলে সংগঠনটোৱে ৷

Conclusion:বাইটঃ হাফিজুল ৰহমান, সভাপতি, গৰীয়া মৰীয়া দেশী জাতিয় পৰিষদ ৷
বাইটঃ গোবিন্দ গায়ন, আহ্বায়ক, খিলঞ্জীয়া সুৰক্ষা বাহিনী ৷
--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.