ETV Bharat / state

NIA Raid at Kalgachia: অল কায়দাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ ঘৰত নিয়াৰ অভিযান

তিনি মাৰ্চত অল কায়দাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কলগাছিয়াৰ এজন অভিযুক্তৰ ঘৰত ‘নিয়া’ৰ অভিযান (NIA Raid at Kalgachia)৷ অভিযানত আপত্তিজনক নথি-পত্ৰ অথবা অন্য বস্তু লাভ নকৰিলে তদন্তকাৰী সংস্থাটোৱে ।

author img

By

Published : Apr 10, 2022, 7:39 PM IST

NIA Raid at Kalgachia
NIA Raid at Kalgachia

কলগাছিয়া, 10 এপ্ৰিল: কলগাছিয়াৰ পৰা অল কায়দাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা বাদশা ছুলেইমানৰ ঘৰত ‘নিয়া’ৰ তদন্ত (NIA Raid at Kalgachia)। তদন্তত নোলাল কোনো আপত্তিজনক বস্তু । কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ বাদশ্বাহ ছুলেইমান খানক (২৮) কিছুদিন পূৰ্বে অল কায়দাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

দেওবাৰে গুৱাহাটীৰ পৰা ‘নিয়া’ৰ এটা তদন্তকাৰী দল উপস্থিত হয় খাৰবাল্লীৰ বাদশা ছোলেমানৰ ঘৰত । পুৱাৰে পৰা প্ৰায় তিনি ঘন্টা ধৰি ঘৰখনত তন্ন তন্নকৈ তদন্ত কৰে দলটোৱে ৷ তদন্তৰ অন্তত কোনো সন্দেহজনক অথবা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল NIA ৰ দলটো ।

অল কায়দাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ ঘৰত নিয়াৰ অভিযান

উল্লেখ্য যে, বাদশা ছোলেইমানৰ লগতে খাৰবাল্লীৰ নৌশ্বদ আলী (৪০) আৰু বালাৰপাথাৰৰ পৰা খাইৰুল ইছলাম (২৭) আৰু হাউলী আৰক্ষী থানাৰ ঢাকালিয়াপাৰাৰ পৰা টাইমুৰ ৰহমান খান (৫৪) আৰু বাংলাদেশৰ মহম্মদ সুমন তথা ছাইফুল ইছলামক যোৱা তিনি মাৰ্চত অল কায়দাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে (Accused of link with Al Qaeda arrested in Assam)।

এই আটাইকেইজন লোকক অল কায়দাৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল যদিও দেওবাৰে খাৰবাল্লীৰ বাদশ্বাহ ছোলেইমানৰ ঘৰত চৰজমিন তদন্ত কৰে তদন্তকাৰী সংস্থা ‘নিয়া’ৰ দলটোৱে । নিয়াৰ দলটোৱে তদন্ত কৰি কোনো আপত্তিজনক বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: Murder in Guwahati : মহানগৰীৰ তেতেলীয়াত লোমহৰ্ষক হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.