ETV Bharat / state

বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি: কলগাছিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

author img

By

Published : Jul 2, 2022, 9:21 AM IST

সদৌ অসম চিকিৎসক সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বৰপেটা অসামৰিক চিকিৎসালয়তো শুকুৰবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctors day observed at Kalgachia) ৷ দেশৰ এগৰাকী স্বনামধন্য চিকিৎসক বিধান চন্দ্ৰ ৰয়ৰ একেটা দিনতে হোৱা জন্ম তথা মৃত্যু বাৰ্ষিকীৰ এই বিশেষ দিনটোত চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰে পালন কৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।

national doctors day celebrated at kalgachia
বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি: কলগাছিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

জনীয়া, 2 জুন: প্ৰতি বছৰৰ 1 জুলাইত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় (National Doctors’ Day celebrated in India on July 1)৷ আন বছৰসমূহৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে শুকুৰবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।

জনসেৱাৰ বাবে নিস্বাৰ্থভাৱে নিজকে সদাব্যস্ত কৰি অহা চিকিৎসাসেৱা আগবঢ়াই অহা প্ৰতিগৰাকী চিকিৎসকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন আৰু সন্মান জনোৱাৰ উদ্দেশ্যেই এই দিৱস পালন কৰি অহা হৈছে ।

এই দিনটোতে প্ৰখ্যাত চিকিৎসক, স্বাধীনতা সংগ্ৰামী (freedom fighter) তথা পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী (second Chief Minister of West Bengal) ড৹ বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীও উদযাপন কৰা হয় (Dr Bidhan Chandra Roy who was a well known doctor) ।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে সদৌ অসম চিকিৎসক সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctors day observed at Kalgachia) ৷ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত স্বনামধন্য চিকিৎসক বিধান চন্দ্ৰ ৰয়ৰ জন্ম তথা মৃত্যু বাৰ্ষীকিৰ এই বিশেষ দিনটোতে বিভিন্ন কাৰ্যসুচীৰে আয়োজন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।

ডাক্তৰ হৰিষাদিত্য দাসৰ সঞ্চালনাত আয়োজিত আলোচনা চক্ৰত অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰবীন শিক্ষাবিদ এম মোজামেল হুছেইন, বৰপেটা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ তীৰ্থনাথ শৰ্মা, AMSA ৰ নেতা ডাক্তৰ পৰেশ কলিতাই ৷

আলোচনা চক্ৰখনত চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ হাসমত আলিয়েও ভাষণ প্ৰদান কৰে । ইয়াৰ লগতে কলগাছিয়া প্ৰেছ ইউনিয়নৰ সভাপতি শ্বহিদুল ইছলামে শিল্পী নচিকেতাৰ 'O DOCTOR' গীতক প্ৰত্যাহ্বান জনাই ডাক্তৰ অনিৰ্বান দত্তৰ 'আমি ডাক্তৰ' শীৰ্ষক গীতটোক আকোৱালি লৈ সমাজসেৱা কৰি আগবাঢ়িবলৈ চিকিৎসকসকলক আহ্বান জনায় ।

লগতে পঢ়ক: হোজাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.