ETV Bharat / state

Rang Ghar controversy: ৰংঘৰৰ বিতৰ্ক সন্দৰ্ভত মৌন সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

author img

By

Published : Apr 29, 2023, 7:18 PM IST

নেদেখা নুশুনা কথা এটাত মন্তব্য দিবলৈ অসুবিধা বুলি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই অসমৰ আহোম ৰাজত্ব কালৰ গৌৰৱ ৰংঘৰ বিতৰ্ক সন্দৰ্ভত গা এৰাই চলা দেখিবলৈ পোৱা গ’ল (Rang Ghar controversy) ৷ ৰংঘৰ বিতৰ্ক সন্দৰ্ভত চাওক সাংসদগৰাকীৰ প্ৰতিক্ৰিয়া-

ranghar controversy
ৰংঘৰ বিতৰ্ক

ৰংঘৰৰ বিতৰ্ক সন্দৰ্ভত মৌন সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

বৰপেটাৰোড, 29 এপ্ৰিল: শনিবাৰে বৰপেটাৰ সৰভোগত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলাৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ লয় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ তেওঁ কয় যে, দেশৰ সকলো জনতাই জানে কেন্দ্ৰত নৰেন্দ্ৰ মোডীইয়ে দশককাল জুৰি প্ৰধানমন্ত্ৰী হৈ থাকিব ৷ ঠিক তেনেদৰে ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো এক দুই দশক ধৰি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব ৷ অসমৰ ৰাইজেও বাৰম্বাৰ আশীৰ্বাদ দি নিজৰ সদিচ্ছা প্ৰকাশ কৰি আহিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি ৷

পৌৰসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, জনগোষ্ঠীয় পাৰিষদীয় নিৰ্বাচন আৰু বিধানসভা লোকসভাৰ উপ নিৰ্বাচন সমূহতো ৰাইজে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে ৷ আগন্তুক দিনতো অসমৰ প্ৰতিটো নিৰ্বাচনতেই বিজেপিৰ প্ৰাৰ্থীয়েই জয়ী হ’ব বুলি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ সাংসদ গৰাকীয়ে কিন্তু কালিৰে পৰা চলি থকা ৰংঘৰ বিতৰ্ক সন্দৰ্ভত বিশেষ একো মন্তব্য আগনবঢ়হালে ৷ কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ব বিভাগে দেশৰ কিছু পৰ্যটনস্থলী পোহৰেৰে আলোকিত কৰাৰ পদক্ষেপ হাতত লৈছে বুলি কৈ তাৰেই অংশ স্বৰূপে হয়তো শিৱসাগৰৰ ৰংঘৰটোও ৰঙীণ আলোকসজ্জাৰে সজাই তোলা হৈছিল বুলিহে কয় সাসংদ গৰাকীয়ে ৷ এতিয়ালৈকে এই আলোকসজ্জাৰে সজ্জিত ৰংঘৰৰ ভিডিঅ’ তেওঁৰ চকুত পৰা নাই বুলিও জানিবলৈ দিয়ে পৱিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita on Rang Ghar controversy) ৷

তাজমহল কুতুবমিনাৰৰ দৰেই শিৱসাগৰৰ ৰংঘৰটো প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠানটোৰ বাবে পোহৰেৰে সজাই তোলা হৈছিল ৷ প্ৰজেক্টৰৰ জৰিয়তে ধৰ্মীয় কীৰ্তিচিহ্ন সমূহৰ প্ৰতিফলন ঘটোৱা হৈছে ৰংঘৰত ৷ এই লৈ এতিয়া বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আহোম ৰজাৰ ঐতিহ্যক চৰকাৰী পদক্ষেপেৰে ধৰ্মীয়কৰণ কৰা হৈছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে (Rang Ghar controversy) ৷

বিতৰ্কৰ বিষয়ৰ পৰা আঁতৰি আহি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকক "কাকা" বুলি সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় সাংসদ আব্দুল খালেকে যে, ৰোহংগীয়াসকলৰ পৰা ওলাই আহি দেশৰ প্ৰধানমন্ত্ৰীৰ নামটো যে উচ্চাৰণ কৰিব পৰা হৈছে তাৰ বাবে তেওঁ পূণ্য লাভ কৰিব ।

লগতে পঢ়ক : Historical Rangghar: ৰংঘৰৰ ন ৰূপ দেখি হতভম্ভ ৰাইজ; বহুতেই কৰিছে বিৰোধিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.