ETV Bharat / state

MP Pabitra Margherita slams Congress: মে'ৰ পিচত ভূপেন বৰাৰ বিদায় নিশ্চিত :পবিত্ৰ মাৰ্ঘেৰিটা - অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা

১৪ খন আসনৰ ভিতৰত বিজেপি মিত্ৰদলে ১১ খন লাভ কৰিব বুলি মন্তব্য় ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । সংবাদ মাধ্য়মত স্থান পোৱাৰ বাবে স্বাক্ষৰ বিহীন এই তালিকাখন কংগ্ৰেছে প্ৰকাশ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এখন আসন কংগ্ৰেছে পাব ।

MP Pabitra Margherita react over INDIA
ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 5:26 PM IST

ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

বৰপেটা, ১৩ অক্টোবৰ: কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখি মানুহে হাঁহিছে ৷ ৰাজনৈতিকভাৱে সেই তালিকাৰ কোনো মুল্য নাই বুলি মন্তব্য় ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । শুক্ৰবাৰে বৰপেটাত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা সম্ভাব্য় প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া এইদৰে মন্তব্য় কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে সংবাদ মাধ্য়মত স্থান পোৱাৰ বাবে স্বাক্ষৰ বিহীন এই তালিকাখন কংগ্ৰেছে উলিয়াই দিছে ৷

ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ কয় যে ১৪ খন আসনৰ ভিতৰত বিজেপি মিত্ৰদলে ১১ খন লাভ কৰিব ৷ বাকী তিনিখনৰ ভিতৰত এখনত বিজেপিৰ প্ৰতিদ্বন্দিতা হ'ব বুলি মন্তব্য় কৰি ৰাজ্য়সভাৰ সাংসদগৰাকীয়ে কয় যে এখন কংগ্ৰেছে পাব । তদুপৰি এখন এ আই ইউ ডি এফে লাভ কৰিব বুলিও কয় ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।

ইয়াৰ পিচতেই তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে । এই প্ৰসংগত তেওঁ কয়,"কংগ্ৰেছে শূণ্য বা এখন আসন পালে মে' মাহৰ পিচত ভূপেন বৰাৰ বিদায় হ'ব । মোৰ সেই কথাটো বেয়া লাগিছে ৷ ভূপেন বৰা আমাৰ ব্ৰেণ্ড এম্বেছেদৰ ! ভূপেন বৰাই যিবোৰ কাম কৰে, যিবোৰ কথা কয় সেইবোৰে আমাক বহু পাব্লিচিটি দিয়ে ৷ তেওঁ নিজেই নিজৰ চৰিত্ৰ দলৰ চৰিত্ৰ উদঙাই দিয়ে ৷ ৰিপুন বৰাৰ দৰেই তেওঁৰ দশা হ'ব ৷" কংগ্ৰেছৰ বিধায়কেও টিকিট নাপাব পাৰে বুলি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিক্ৰিয়া প্ৰকা কৰি কয় যে ভূপেন বৰা নিজেই জয়ী হৈ পোৱা নাই ৷ ইটোৰ পিচত সিটোত পৰাজিত হোৱাৰ ৰেকৰ্ড কৰিছে ভূপেন বৰাই ৷

আনহাতে, INDIA প্ৰসংগত তেওঁ কয়," অসমত INDIA এলায়েন্স বুলি একো নাই ৷" যোৰহাট ডিব্ৰুগড় সংসদীয় সমষ্টিত লুৰিণজ্যোতি গগৈ যোৰহাটত অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বিচৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছেই তেওঁলোকক ভোট নিদিয়ে বুলি মন্তব্য কৰে ৷ কিছুমান লোকে ডকা-হকা দি চান্দা তোলাৰ কথা অসমীয়া লোকে পাহৰি যোৱা নাই বুলিও তেওঁ কয় ৷ কংগ্ৰেছক কি অত্যাচাৰ কৰিছিল ! INDIA এলায়েন্সৰ পৰা তেওঁলোক যদি প্ৰতিদ্বন্দিতা কৰে তেন্তে কংগ্ৰেছৰ এটা ভোটো তেওঁলোকে নাপায় ৷ বাকী ৰাইজৰ কথা বাদেই দিয়ক ৷ অৱশ্যে ভূপেন বৰাৰ বিদায় হ'ব বুলি ভাবি দুখ লগা বুলি তীৰ্যক মন্তব্য কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷

লগতে পঢ়ক:Protest rally demanding manikpur as sub district:গণতান্ত্ৰিক দেশত নাগৰিকে কৰিব নোৱাৰে গণতান্ত্ৰিক আন্দোলন!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.