ETV Bharat / state

Constituency Delimitation : অসম প্ৰদেশ কংগ্ৰেছক বিজেপিৰ এজেন্ট আখ্যা বদৰুদ্দিন আজমলৰ - সমষ্টি পুনৰ নিৰ্ধাৰণ

সমষ্টি পুনৰ নিৰ্ধাৰণ AIUDFএ নামানে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ ৷ শনিবাৰে বদৰুদ্দিন আজমলৰ নেতৃত্বত বৰপেটাৰ কয়াকুছিত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি ভিত্তিত এক দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷

Final List of Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ AIUDFএ নামানে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ
author img

By

Published : Aug 12, 2023, 8:13 PM IST

বৰপেটাৰ কয়াকুছিত AIUDF ৰ দলীয় কৰ্মশালা

বৰপেটা, 12 আগষ্ট : লোকসভা নিৰ্বাচনৰ বাবে ক্ৰমাৎ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে AIUDFএ ৷ শনিবাৰে বদৰুদ্দিন আজমলৰ নেতৃত্বত বৰপেটাৰ কয়াকুছিত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি ভিত্তিত এক দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷ কয়াকুছিৰ দলীয় কৰ্মশালাত ভাগ লৈ আজমলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে কৰিব লাগিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে কৰিছে বুলি কৈ আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে মুছলমানৰ 10/11 টা সমষ্টি কমাই দিলে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণ AIUDFএ নামানে বুলি মন্তব্য কৰে নেতাজনে ৷ লগতে হু ইজ অশোক সিংহল বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বহু লোকচান হৈছে বুলি কয় নেতাজনে ৷ তেওঁ কয় যে, যি কংগ্ৰেছে মুছলমানৰ লাভ-লোকচানৰ কথা চিন্তা কৰে সেই কংগ্ৰেছে এতিয়া নিমাত আছে, কোনো প্ৰতিবাদ কৰা নাই ৷ কংগ্ৰেছে এই বিষয়ত মাত নমতাটো দুৰ্ভাগ্যৰ কথা বুলি উল্লেখ কৰে তেওঁ ৷ লগতে লুৰীণজ্যোতি গগৈ, অখিল গগৈ, অজিত ভূঞায়ো মাত মতা নাই বুলি মন্তব্য কৰি সেইসকল কিহৰ মুছলমানৰ লীডাৰ বুলি প্ৰশ্ন কৰে তেওঁ ৷ সাংসদ গৰাকীয়ে কয় যে, আমি নিজকে মুছলমানৰ লীডাৰ বুলি কোৱা নাই ৷ সমগ্ৰ অসমীয়া মানুহৰ স্বাৰ্থত AIUDFএ কাম কৰি আছে বুলি মন্তব্য কৰে তেওঁ ৷

চৰকাৰ হোৱা-নোহোৱাটো পিছৰ কথা; আমি কি খিলঞ্জীয়া নহয় নেকি বুলি প্ৰশ্ন কৰি সাংসদ গৰাকীয়ে কয় যে, তেওঁলোকে খিলঞ্জীয়াৰ লোকচান কৰিছে ৷ ইফালে লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, 3 সমষ্টিত প্ৰাৰ্থী দিব AIUDF এ ৷ তিনিটা সমষ্টিতেই AIUDF জিকিব বুলি উল্লেখ কৰে তেওঁ ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সমষ্টিৰ সংখ্যা বাঢ়িবও পাৰে বুলি মন্তব্য কৰে আজমলে ৷

আনহাতে কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’ব নেকি বুলি সোধা এক প্ৰশ্নত সাংসদ গৰাকীয়ে কয় যে, AIUDFএ দিল্লীত কংগ্ৰেছক সমৰ্থন দিছে ৷ বিৰোধী মিত্ৰজোঁট INDIAক AIUDFএ সমৰ্থন দিছে ৷ কিন্তু অসমৰ কংগ্ৰেছে বেলেগ চিন্তা কৰে বুলি মন্তব্য কৰে তেওঁ ৷ লগতে অসম প্ৰদেশ কংগ্ৰেছক বিজেপিৰ এজেন্ট বুলিও আখ্যা দিয়ে AIUDFৰ নেতাজনে ৷

ইফালে AIUDFৰ ফোন ৰেকৰ্ডিংক লৈয়ো মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে ৷ এয়া এক ভুৱা ৰেকৰ্ডিং বুলি কয় তেওঁ ৷ লগতে প্ৰদেশ কংগ্ৰেছে কেন্দ্ৰীয় কংগ্ৰেছক মিছগাইড কৰি আছে বুলি মন্তব্য কৰে নেতাজনে ৷ তেওঁ কয় এইক্ষেত্ৰত তিনিজন মানুহ জড়িত আছে, লুৰীণজ্যোতি গগৈ যি এখন আসনো জিকিব পৰা নাই, অখিল গগৈ আছে আৰু অজিত ভূঞা আছে বুলি উল্লেখ কৰে তেওঁ ৷ আনহাতে অজিত ভূঞাক কংগ্ৰেছ আৰু AIUDFএ কোনে বনাইছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ইফালে কংগ্ৰেছ, AIUDFএ পৰস্পৰে পৰস্পৰক বিজেপিৰ এজেন্ট বুলি কৰা সমালোচনাৰ প্ৰত্যুত্তৰত তেওঁ সমষ্টি পুনৰ গঠনৰ ফলত কংগ্ৰেছ নে AIUDFৰ বেছি লোকচান হৈছে সেয়া বিচাৰ কৰিবলৈ সাংবাদিকক আহ্বান জনায় ৷ যদি AIUDFৰ লোকচান হৈছে তেন্তে কংগ্ৰেছ আৰু বিজেপিয়ে মিলি এইটো কৰিছে বুলি কয় সাংসদ বদৰুদ্দিন আজমলে ৷

শনিবাৰে অনুষ্ঠিত হোৱা এই কৰ্মশালাত বদৰুদ্দিন আজমলৰ উপৰিও আমিনুল ইছলাম, আশ্ৰাফুল হুছেইন, ৰফিকুল ইছলাম, নজৰুল ইছলাম, মিজানুৰ ৰহমান, চামচুল হুদা, আমিনুল ইছলামকে ঘৰি দলটোৰ কেইবাজনো বিধায়ক আৰু নেতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Constituency Delimitation 2023 : অশোক সিংহলৰ মতে জনগোষ্ঠীয় সমষ্টি কৰ্তন হৈছে : KMSS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.