জনীয়া, 11আগষ্টঃ বৰপেটা জিলাৰ কলগাছিয়াত আঞ্চলিক গনমঞ্চৰ আহবায়ক সাংসদ অজিত কুমাৰ ভূঞা উপস্থিত হয় । 2021 চনত হ'বলগীয়া বিধান সভা নিৰ্বাচনক লক্ষ্য কৰি ৰাইজৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত বিজেপি চৰকাৰৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰে অজিত কুমাৰ ভূঞাই ।
উক্ত ৰাইজৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদজনে ৷ সাম্প্ৰদায়িক শক্তি বিজেপি চৰকাৰখনক গাদীচ্যুত কৰাৰ স্বাৰ্থত সকলো বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনায় । 2021 চনত সাম্প্ৰদায়িক, ভ্ৰষ্টাচাৰী, মিছলীয়া বিজেপি চৰকাৰ বুলি আখ্যা দি এই চৰকাৰক যিকোনো প্ৰকাৰে গাদীচ্যুত কৰিবই লাগিব বুলি মন্তব্য কৰে ।
ইফালে গন বিৰোধী বিজেপি চৰকাৰক ওফৰাবলৈ সকলো বিৰোধী শক্তিক একত্ৰিত হৈ যুজঁ দি এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠনত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় সাংসদ গৰাকীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বিশ্বৰ ১ নম্বৰ শাৰীৰ মিছলীয়া বুলি আখ্যা দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গণ শত্ৰু তথা দেশদ্ৰোহী আখ্যা দিয়ে সাংসদ অজিত ভূঞাই ।
আনহাতে, ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ গৰাকীয়ে কয় যে, অসমৰ ইতিহাস নজনা বিধায়ক শিলাদিত্য দেৱ এজন মুৰ্খই নহয় জধামুৰ্খ বিধায়ক । গতিকে তেনে বিধায়কৰ পৰা কোনো ভাল কথা আশা কৰিব নোৱাৰি ৷ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি আহিছে ৷ এই চৰকাৰ খন সম্পূৰ্ণ গণ বিৰুধী চৰকাৰ গতিকে আগন্তুক নিৰ্বাচনত খিলঞ্জীয়াৰ জাতি- মাটি- ভেটি ৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সকলোকে আহ্বান জনাই সাংসদ অভিত কুমাৰ ভূঞাই ৷