ETV Bharat / state

হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

author img

By

Published : Dec 6, 2020, 1:52 PM IST

"বিটিচিত হাগ্ৰামা মহিলাৰীয়ে যদি দুৰ্নীতি সংঘটিত কৰিছে তেন্তে তেওঁৰ সৈতে জড়িত হৈ আছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ কিয়নো বিত্তমন্ত্ৰীয়ে অনুসন্ধান নকৰাকৈ ধন মোকলাই নিদিয়ে ৷" সংবাদ মাধ্যমযোগে এই বিস্ফোৰক মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷

আব্দুল খালেক
আব্দুল খালেক

বৰপেটা, ৬ ডিচেম্বৰ : সংবাদ মাধ্যমযোগে বিস্ফোৰক মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৷ সাংসদগৰাকীৰ মন্তব্য, বিটিচিত হাগ্ৰামা মহিলাৰীয়ে যদি দুৰ্নীতি সংঘটিত কৰিছে তেন্তে তেওঁৰ সৈতে জড়িত হৈ আছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ তেওঁ কয়, "বিটিচি নিৰ্বাচনত উন্নয়নমূলক কাম-কাজ সন্দৰ্ভে কোৱাৰ বিপৰীতে দুয়োৱে পৰস্পৰৰ বিৰুদ্ধে যি বোকা চটিয়াইছে সেয়াহে এক চিন্তনীয় বিষয় ৷ বিটিচিত সংঘটিত দুৰ্নীতিৰ বাবে কেৱল হাগ্ৰামা মহিলাাৰীক দায়ী কৰিব নোৱাৰি, তাৰ বাবে দায়ী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৷ কিয়নো তেওঁ ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে অনুসন্ধান নকৰাকৈ ধন মোকলাই নিদিয়ে ৷ গতিকে বিটিচিত দুৰ্নীতি হ'লে তাৰ বাবে বিত্তমন্ত্ৰীও দায়ী, হাগ্ৰামা মহিলাৰীক জেললৈ পঠিয়ালে মন্ত্ৰী হিমন্তকো পঠিয়াব লাগিব ৷ কাৰণ দুৰ্নীতি হৈছে যদি দুয়োগৰাকীয়ে ভাগ-বাটোৱাৰা কৰিছে ৷"

হাগ্ৰামাক জেললৈ পঠিয়ালে শৰ্মা ডাঙৰীয়াকো পঠাব লাগিব: আব্দুল খালেক

আনহাতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো তেওঁ মন্তব্য কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, এইবাৰ তেওঁলোকে পূৰ্বতকৈ অধিক সঁহাৰি লাভ কৰিছে ৷ যিয়ে তেওঁলোকৰ নিৰ্বাচনী ফলাফল পূৰ্বতকৈ কিছু ভাল হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ৷ বিটিচিত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো এইবাৰ কংগ্ৰেছে এক ভূমিকা ল'বলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: দমন কৰিবৰ বাবেই জাপি দিয়া হৈছে মিছা অভিযোগ : আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.