ETV Bharat / state

আজমল হিমন্তৰ দালাল : সাংসদ আব্দুল খালেক - Badruddin Ajmal news

কংগ্ৰেছ প্ৰাৰ্থী ছামছুল হকৰ ঘৰত বাছেৰে উপস্থিত সাংসদ আব্দুল খালেক ৷ বদৰুদ্দিন আজমলক হিমন্তৰ দালাল আখ্যা আব্দুল খালেকৰ ৷ বিয়লি সংবাদমেল পাতি খালেকক সমালোচনা জনীয়াৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ ৷

আজমল হিমন্তৰ দালাল : সাংসদ আব্দুল খালেক
author img

By

Published : Oct 20, 2019, 9:01 PM IST

জনীয়া, 20 অক্টোবৰ: শনিবাৰে অন্ত পৰিল ৰাজ্যৰ চাৰিটা সমষ্টিত সোমবাৰে অনুষ্ঠিত হব লগা উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ কিন্তু তাৰ পাছতো অন্ত পৰা নাই উপনিৰ্বাচনক লৈ নেতাসকলৰ মাজত তীব্ৰ বাক্যবান ৷ জনীয়া সমষ্টিত প্ৰচাৰ সমাপ্ত হোৱাৰ পাছতো আকৰ্ষণীয় অৱস্থাত আছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মাজত তীক্ষ্ণ বাক্যবাণৰ ৷

দেওবাৰে বাছেৰে জনীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ছামছুল হকৰ ঘৰত বাছেৰে উপস্থিত হয় বৰপেটা লোকসভা সমষ্টি সাংসদ আব্দুল খালেক ৷ হকৰ ঘৰত উপস্থিত হৈয়ে সাংবাদিকৰে হোৱা মুখামুখিত সাংসদ খালেকে এ আই ইউ ডি এফ দল আৰু দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে ৷ আজমলক বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালাল আখ্যা দি সাংসদ খালেকে কয়,

"আজমলে মোক হিমন্তৰ লগত ভাল বুলি কব খোজে কিন্তু প্ৰকৃততে তেওঁহে হিমন্তৰ পইচাৰে নিৰ্বাচন খেলিছে সেইবাবেই ৰাতাবাৰী সমষ্টিত তেঁও প্ৰাৰ্থী দিয়া নাই"৷ ইফালে সাংসদগৰাকীয়ে এ আই ইউ ডি এফৰ কেইবাজনো বিধায়কে কংগ্ৰেছত যোগদান কৰিবলৈও তেঁওৰ সৈতে যোগাযোগ কৰা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ''

আজমল হিমন্তৰ দালাল : সাংসদ আব্দুল খালেক

সাংসদ খালেকে এ আই ইউ ডি এফৰ প্ৰতি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰাৰ পাছতে জনীয়া সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামেও সংবাদমেলত খালেকৰ বক্তব্যক কংগ্ৰেছ দলৰ ভুৱা ৰাজনৈতিক ষ্ট্ৰেটেজী বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছ এতিয়া এটা ভেঁটি নথকা দল ৷ ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়ধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে সংবাদমেলত অসন্মানজনক মন্তব্য কৰা বিৰ্তকিত বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী জনাই জনীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে ৷ লগতে প্ৰতীক হাজেলাক মধ্যপ্ৰদেশলৈ বদলি কৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, " ৰাজ্যত হাজেলাৰ দৰে এজন বিষয়াই নিৰাপত্তাহীনতাত ভোগাটোৱে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ দিশটো উদঙাই দিছে "৷

Intro:slug: as_jania_20oct_mp_abdul_khaleque_vis2+byt2+pho1_story_asc10058

Anchor: কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ ঘৰত বাছেৰে উপস্থিত হ'ল সাংসদ আব্দুল খালেক। এ আই ইউ ডি এফৰ কেইবাজনো বিধায়ক কংগ্ৰেছত যোগদান কৰিবলৈ সাংসদ আব্দুল খালেকৰ লগত যোগাযোগ কৰা বুলি মন্তব্য আব্দুল খালেকৰ। হোজাইৰ বিধায়ক শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড° হাফিজ ৰফিকুল ইছলামৰ।Body:slug: as_jania_20oct_mp_abdul_khaleque_vis2+byt2+pho1_story_asc10058

VO-1: ৪ সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিল, কিন্তু অন্ত পৰা নাই নেতাৰ তীক্ষ্ণ বাক্যবান। জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনতো একেই অৱস্থা। সাংসদ আব্দুল খালেকে যদি বিৰোধীক তীক্ষ্ণ সমালোচনা কৰিছে, বিৰোধীয়েও কিন্তু আব্দুল খালেকক লক্ষ্য হিচাপে লৈছে। কালি ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ চীফ বদৰুদ্দিন আজমলে আব্দুল খালেকক তীক্ষ্ণ সমালোচনা কৰাৰ পিছত আজি সাংসদ আব্দুল খালেকে বাছ গাড়ীৰে কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ ঘৰত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বদৰুদ্দিন আজমলক তীক্ষ্ণ বাক্যৰে সমালোচনা কৰে। এ আই ইউ ডি এফৰ কেইবাজনো বিধায়কে কংগ্ৰেছত যোগদান কৰিবলৈ আব্দুল খালেকৰ লগত যোগাযোগ কৰি আছে বুলিও মন্তব্য কৰে। ইফালে, এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামেও আব্দুল খালেকক তীব্ৰ সমালোচনা কৰাৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবীও উত্থাপন কৰে।Conclusion:slug: as_jania_20oct_mp_abdul_khaleque_vis2+byt2+pho1_story_asc10058

Byte: সাংসদ আব্দুল খালেক আৰু ড° হাফিজ ৰফিকুল ইছলামৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.