বৰপেটা, 20 ছেপ্টেম্বৰঃ বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখনত অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ আছে এক নিজস্ব পৰিচয় আৰু খ্যাতি ৷ কিন্তু মহামাৰী কৰ'ণাই কঢ়িয়াই অনা ভয়াৱহতাই সংকটৰ মুখলৈ ঠেলি নিছে ৰাজ্যৰ ভ্ৰাম্যমান উদ্যোগটোক ৷ যোৱাটো বৰ্ষত ৰাজ্যজুৰি আৰম্ভ হোৱা কা' বিৰোধী আন্দোলনৰ পৰাই ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগটোৱে কৰ'ণা মহামাৰীৰ বাবে এইবেলি বছৰটোৰ বাবে মেলিব নোৱাৰিলে নাট ৷ ৰাজ্যত হোৱা কা বিৰোধী আন্দোলন আৰু বৰ্তমান সময়ত অব্যাহত থকা কৰণাৰ আতংকৰ বাবে ভ্ৰাম্যমান উদ্যোগটোৱে সন্মুখীন হোৱা ব্যাপক ক্ষতিৰ কথা জনালে এইবেলি ৬ষ্ঠ বৰ্ষত পদাৰ্পন কৰা বৰপেটা ৰাউলীৰ "থিয়েটাৰ সূৰ্য"ৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মণে ৷
প্ৰযোজক গৰাকীয়ে জনোৱা মতে," কৰ'ণাৰ বাবে প্ৰয়োজক সন্থাই 2021 বৰ্ষৰ নাট্য যাত্ৰা বন্ধ ৰাখিছে ৷ কিন্তু এটা বৰ্ষৰ বাবে নাট্য যাত্ৰা বন্ধ ৰাখিবলগীয়া হোৱাৰ ফলত ভ্ৰাম্যমানৰ স্বাভাৱিক গতিত ব্যাঘাত জন্মিব আৰু চেইন ব্ৰেক হোৱাৰ ফলত ভ্ৰাম্যমানৰ নিজস্ব ছন্দ ঘুৰাই অনাটো কঠিন হৈ পৰিব ৷ বহু শিল্পী, কলা-কুশলীয়ে পেটৰ তাড়নাত ভিন ভিন কামত নিয়োগ হৈছে আৰু তেঁওলোকৰ বহুতেই হয়তো পুনৰ ভ্ৰাম্যমানৰ এই পথলৈ পুনৰ ঘুৰি অহাৰ সম্ভাৱনা কম ৷" উল্লেখ্য যে, একোটা ভ্ৰাম্যমান নাট্য দলত ডেৰশৰো অধিক অভিনেতা, অভিনেত্ৰী, কলা-কুশলী জৰিত হৈ থাকে ৷
এই কলা-কুশলীসকলৰ বহুতেই আন কামত অভ্যস্ত নহয় ৷ তাৰোপৰি এইটো বৰ্ষত থিয়েটাৰ বন্ধ থকাৰ ফলত থিয়েটাৰ দল সমুহৰ ব্যৱহাৰ্য সামগ্ৰী, যান বাহন, মিউজিক চিষ্টেম, চাউণ্ড চিষ্টম, মঞ্চৰ কাপোৰ, সাজসজ্জা, চেটিংছৰ সামগ্ৰী আদি নষ্ট হৈ যোৱাতো নিশ্চিত ৷
ৰাজ্যৰ থিয়েটাৰ উদ্যোগটোৰ এনে ভয়াৱহ পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে ভ্ৰাম্যমান থিয়োটাৰ প্ৰযোজক সন্থা ৷ উপায়হীন হৈ প্ৰযোজক সকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ভ্ৰাম্যমানক জীয়াই ৰখাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়কঃ লামডিঙত তিনি শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ নেতা-কৰ্মীৰ বিজেপিত যোগদান