ETV Bharat / state

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ দ্বাৰা এম্বুলেঞ্চ মুকলি

author img

By

Published : Oct 24, 2020, 8:20 PM IST

এম্বুলেঞ্চ মুকলিৰ অনুষ্ঠানত ভাগ লৈ 2021ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰক কটু সমালোচনা কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

MLA Jakir Hussain Sikdar's comment about 2021 assembly election
বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ দ্বাৰা এম্বুলেঞ্চ মুকলি

বৰপেটা 24 অক্টোৱৰ: বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে শনিবাৰে জাকিৰ হুছেইন শিকদাৰে ভক্তৰডবাত ৰাইজৰ বাবে মুকলি কৰিলে এখন এম্বুলেঞ্চ ৷ এম্বুলেঞ্চ মুকলি কৰি কেতবোৰ বিস্ফোৰক মন্তব্য সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ 5 বছৰৰ উন্নয়ন আৰু বিকাশৰ পৰিৱৰ্তে ৰাজ্যৰ বিজেপি চৰকাৰে হিন্দু মুছলমানৰ ইছ্যুক লৈ 21 ৰ নিৰ্বাচন জয়ৰ পৰিকল্পনা কৰা বুলি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷ ইয়াৰ ওপৰিও 5 বছৰত কৰা ৰাজ্যৰ উন্নয়নৰ কথাৰে ৰাইজৰ কাষ চপাৰ পৰিৱৰ্তে মোগলৰ প্ৰসংগ, আজমল মুখ্যমন্ত্ৰী হব, 65/35 শতাংশৰ মাজত যুঁজ হ'ব আদি কথাবোৰৰ জৰিয়তে চাৰে চাৰি বছৰীয়া কাৰ্যকালত চৰকাৰখনে যে কোনো উন্নয়ন কৰিব নোৱাৰিলে তাকেই প্ৰমাণ কৰিছে বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

লগতে 2016 ৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ 80 শতাংশই পালন কৰিব পৰা নাই বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷ সেইবাবেই অসমৰ ৰাইজক ধৰ্ম আৰু জাতিৰ নামত দুভাগ কৰিব বিচাৰিছে চৰকাৰে ৷ বিজেপিৰ টেঙা আম অসমৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে নাখায় বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ এম্বুলেঞ্চ মুকলি
নিৰ্বাচন ওচৰ চপাৰ লগে লগে সৰ্বানন্দ সোণোৱাল, ড৹ হিমন্তবিশ্ব শৰ্মা আৰু বিজেপি দল চিন্তিত হৈ পৰিছে আৰু ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিব ধৰিছে বুলি মন্তব্য কৰি অসমৰ ৰাইজক বিজেপি বিৰোধী শক্তিক চৰকাৰ গঠনৰ ক্ষেত্ৰত সহায়ৰ আহ্বান বিধায়ক জাকিৰৰ ৷ বিধায়ক গৰাকীয়ে কয় যে, 2021 চনৰ যুঁজ কংগ্ৰেছৰ বাবে চৰকাৰ গঠনৰ যুঁজ নহয়, এই যুঁজ হৈছে ৰাৱণৰূপী বিজেপিক অসমৰ পৰা বিদায় দিয়া ৷ অসমীয়া জাতিৰ লগত প্ৰতাৰণা আৰু বিশ্বাসঘাটকতা কৰা সৰ্বানন্দ সোণোৱাল আৰু বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ আহ্বান জাকিৰৰ ৷

আনহাতে 21 ৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকট পোৱা নেপোৱা সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে জাকিৰ হুছেইন শিকদাৰে ৷ জাকিৰৰ দাবী- বিগত বিধান সভা নিৰ্বাচনত 70 হাজাৰ ভোট লাভ কৰি নিৰ্বাচিত হোৱাৰ পিচত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত মই লেটাৰ মাৰ্কছ লৈ পাছ কৰিছো ৷ গতিকে 21 ৰ নিৰ্বাচনত কংগ্ৰেছ হাইকমাণ্ডে লেটাৰ পোৱা ছাত্ৰজনক টিকট দিব বুলি আশাবাদী জাকিৰ হুছেইন শিকদাৰ ৷ লগতে পঢ়কঃ দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.