ETV Bharat / state

ঈদৰ নামাজ : স্বয়ং বিধায়কে ভংগ কৰিলে ক’ভিড প্ৰ’টক’ল

author img

By

Published : Jul 21, 2021, 6:52 PM IST

Updated : Jul 22, 2021, 6:21 AM IST

ক’ভিড প্ৰ’টক’ল ভংগ কৰি জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে আদায় কৰিলে ঈদৰ নামাজ । পুৱা 7 বজাত বিধায়কৰ নিজ গৃহত পৰিয়ালৰ লোকৰ সৈতে পবিত্ৰ ঈদ-উদ-জোহাৰ নামাজ আদায় কৰি বিশ্ব শান্তি কামনা কৰে ৷ কিন্তু প্ৰশাসনে বান্ধি দিয়া নীতি ভংগ কৰিলে বিধায়কগৰাকীয়ে ৷

ঈদৰ নামাজ: স্বয়ং বিধায়কে ভংগ কৰিলে ক’ভিড প্ৰ’টক’ল

জনীয়া,21 জুলাই: আজি পৱিত্ৰ ঈদ-উদ-জোহা ৷ বিগত বৰ্ষৰ দৰে এই বছৰো কাল ক’ৰণাৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হৈছে ঈদ ৷ ক’ৰণাৰ ভয়াৱহ গণ সংক্ৰমণৰ বাবে এতিয়া সকলো ইছলামধৰ্মী লোকক ঘৰতেই নামাজ পঢ়াৰ বাবে আহ্বান জনাইছে প্ৰশাসনে ৷ জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামেও ঘৰতে সম্পন্ন কৰিলে ঈদৰ নামাজ ।

কিন্তু চৰকাৰে বান্ধি দিয়া নীতি-নিয়মক ধোঁৱাচাঙত তুলিলে বিধায়কগৰাকীয়ে ৷ প্ৰশাসনে চৰকাৰী নীতি-নিয়ম মানিবলৈ সকলোকে আহ্বান জনাই থকাৰ সময়তে বিধায়কগৰাকীয়ে নিজেই ক’ভিড প্ৰট’কল ভংগ কৰা দেখা গ’ল ৷ উল্লেখ্য যে, চৰকাৰী নিয়ম অনুসৰি 5 গৰাকী লোকৰ উপস্থিতিৰে ঈদৰ নামাজ আদায় কৰিবলৈ আহ্বান জনোৱা হৈছিল ৷ কিন্তু তাৰ বিপৰীতে সভা সদৃশ ৰাইজৰ উপস্থিতিত এইজন বিধায়কে আদায় কৰিলে ঈদৰ নামাজ ৷

স্বয়ং বিধায়কে ভংগ কৰিলে ক’ভিড প্ৰ’টক’ল

5 জনৰ ঠাইত 50 জন লোকৰ সৈতে নামাজ পঢ়াতো কিমান যুক্তি সংগত ? ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণৰ সময়ত এনেদৰে ইমান মানুহ একেলগে গোট খোৱাটো কিমান ভয়াৱহ সেই কথাৰ হয়তো উমান পোৱা নাই এইগৰাকী বিধায়কে ৷ সেয়ে ৰাজ্যত ভয়াৱহ গণসংক্ৰমণৰ পাচতো এনেদৰে ক’ভিড প্ৰ’টক’ল ভংগ কৰা দেখা গ’ল বিধায়ক গৰাকীক ৷

এতিয়া প্ৰশ্ন হয় এই ভয়াৱহ পৰিস্থিতিত বিধায়ক হাফিজ ৰফিকুল ইছলামৰ এনে ধৰণৰ কাণ্ডই বিপদ নমাই আনিলে ইয়াৰ বাবে কোন দায়ী হ’ব ? ইয়াৰ উপৰি প্ৰশ্ন উত্থাপিত হৈছে ক’ভিডৰ নিয়ম কেৱল সাধাৰণ লোকৰ বাবেই নেকি ? সাধাৰণ লোকে ক’ভিড প্ৰট’কল ভংগ কৰিলে যিদৰে শাস্তি বিহা হয়, মন্ত্ৰী-বিধায়কৰ বাবে সেয়া সম্ভৱ হ’বনে ? নে এয়া কেৱল সাধাৰণ লোকৰ বাবে ?

লগতে পঢ়ক: বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

Last Updated : Jul 22, 2021, 6:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.