ETV Bharat / state

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সৰৱ বিধায়ক ৰফিকুল ইছলাম - বিধায়ক ৰফিকুল ইছলাম

চৰকাৰী মাদ্ৰাছা সমুহ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক ৰফিকুল ইছলাম।

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সৰৱ বিধায়ক ৰফিকুল ইছলাম
author img

By

Published : Oct 12, 2020, 6:12 PM IST

জনীয়া,12 অক্টোবৰ: পূৰ্বৰ পৰাই চলি অহা চৰকাৰী মাদ্ৰাছা সমুহ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰা সন্দৰ্ভত জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিধায়ক ৰফিকুল ইছলামে মন্ত্ৰী গৰাকীয়ে হতাশাত ভুগি কেৱল নাগপুৰীয়া সকলক সন্তুষ্ট কৰাৰ বাবে এইবোৰ কৰি আছে বুলি মন্তব্য কৰে । যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশত সুকলমে মাদ্ৰাছা চলি আছে,হিমন্ত বিশ্ব শৰ্মা যোগীতকৈও বেছি নাগপুৰীয়া নেকি মন্ত্ৰী গৰাকীয়ে এইদৰে কটাক্ষ কৰাৰ লগতে কেতিয়াও মাদ্ৰাছা সমুহ বন্ধ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰে।

ইফালে লাভ জেহাদ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই আজমল বাহিনীক মৃত্যুদণ্ড দিয়া হ'ব বুলি মন্তব্য কৰা সন্দৰ্ভতো বিধায়ক ৰফিকুলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে,কেৱল আজমল বাহিনীয়ে কিয় অসমীয়া মা ভনীৰ গাত হাত দিয়া হিমন্ত বাহিনীৰো হাত ভৰি ভাঙি উচিত শাস্তি দিয়া হ'ব।

লগতে বিগত পাচঁ বছৰৰ ব্যৰ্থতা ঢাকিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদ,মোগলক খেদিব লাগিব,আদি কিছু আপ্ৰাসংগিক কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই এইবোৰ আবোল তাবোল কৈ নাগপুৰীয়াক সন্তুষ্ট কৰি মুখ্য মন্ত্ৰী হোৱাৰ সপোন দেখিছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.