ETV Bharat / state

কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰক উভতি ধৰিলে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে - কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰ

মৌলানা বদৰুদ্দিন আজমলে মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে কৰা মন্তব্যৰ (MLA Abdul Baten Khandakar comments on AIUDF chief Ajmal)পাচতে বিধায়কগৰাকীক উভতি ধৰিছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ বদৰুদ্দিন আজমলে কোৰবাণীৰ বিৰোধিতা কৰা নাই (Badaruddin Ajmal on Kurbani), বৰঞ্চ ঠাই বিশেষে সম্প্ৰীতি ৰক্ষা কৰি কোৰবাণী পালন কৰিবলৈহে আহ্বান জনাইছিল বুলি উল্লেখ কৰে বিধায়ক ইছলামে ৷

MLA Abdul Baten Khandakar comments on AIUDF chief Ajmal

author img

By

Published : Jul 5, 2022, 6:54 PM IST

জনিয়া, 5 জুলাই: উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ বিৰুদ্ধে জাঙুৰখাই উঠিছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম । ঈদ-উজ-জোহা পালনৰ নামত কোৰবাণীক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Controversy on Kurbani)। মৌলানা বদৰুদ্দিন আজমলে মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি মন্ত্যব্য কৰিছিল আব্দুল বাতিন খন্দকাৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাংসদ বদৰুদ্দিন আজমলে পাগল আখ্যা দিয়াৰ পাছতেই বদৰুদ্দিন আজমলক প্ৰত্যুত্তৰ দি এইদৰে কৈছিল বিধায়কজনে । লগতে কোৰবাণী সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰি আইনত যি ধৰণে উল্লেখ আছে সেইধৰণে কোৰবাণী দিবলৈ আহ্বান জনায় কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খন্দকাৰে (MLA Abdul Baten Khandakar comments on AIUDF chief Ajmal)।

কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰক উভতি ধৰিলে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে

লগতে পঢ়ক : বদৰুদ্দিন আজমলে ভাৰসাম্যতা হেৰুৱাইছে: বিধায়ক আব্দুল বাতিন খন্দকাৰ

ইয়াৰ পাচতে বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছ দলক উদ্দেশ্য কৰি কয়, কংগ্ৰেছ নেতা তথা জিলা পৰিষদৰ সদস্য মোজাম্মেল গৰুৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে আৰক্ষীয়ে গুলিয়াইছিল (Police encounter to cattle smuggler)। লগতে বৰপেটাৰ হাউলিৰ কংগ্ৰেছ নেতা খাইৰুল ইছলামক গৰু ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

বহু লোকক এনে কাৰ্যত জড়িত থকাৰ সন্দেহত জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ সেয়া কংগ্ৰেছী নাইবা সমালোচকসকলে জানে বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে কয় যে, বদৰুদ্দিন আজমলে কোৰবাণীৰ বিৰোধিতা কৰা নাই ৷ ঠাই বিশেষে সম্প্ৰীতি ৰক্ষা কৰি কোৰবাণী পালন কৰিবলৈহে আহ্বান জনাইছিল আজমলে ৷

কোৰবাণী সন্দৰ্ভত বদৰুদ্দিন আজমলে উল্লেখ কৰিছিল যে, ভাৰত এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ দেশ । এই দেশৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী । সনাতন ধর্মত গৰু এবিধ পূজনীয় জন্তু । গাই গৰুক এই দেশৰ সংখ্যাগুৰু মানুহে মাতৃ-সম জ্ঞান কৰে (Rituals of Eid ul Adha)। সেয়ে ইছলাম ধৰ্মাৱলম্বীসকলে কোৰবাণীৰ ঈদত যি জন্তু ব্যৱহাৰ কৰিলে পবিত্র ধর্মীয় কর্তব্য আদায় হয় আৰু কাৰো অনুভূতিত আঘাত নহয়, তেনে জন্তু ব্যৱহাৰ কৰিবলৈ ঈছলাম ধৰ্মালম্বী লোকলৈ আহ্বান জনাইছে আজমলে ৷

লগতে পঢ়ক : ঈদ-উল-আজহাৰ কোৰবাণী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ভিন্ন মহলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.