ETV Bharat / state

Barpeta Love jihad: গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক আশ্ৰাফুল হুছেইন !

author img

By

Published : Mar 22, 2023, 5:26 PM IST

মঙলবাৰে গ্ৰেপ্তাৰ হ'ল বৰপেটাৰ যুৱতী অপহৰণ ঘটনাৰ মূল অভিযুক্ত ৰিতুল হুছেইন (Barpeta Love jihad accused arrested) ৷ অভিযোগ মতে, ৰিতুল হুছেইনে অপহৰণ কৰা যুৱতীগৰাকীক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত ৰাখিছিল (Ritul Hussain arrested)। বিধায়ক আৱাসৰ পৰাই প্ৰেৰণ কৰা হৈছিল ডিমাপুৰলৈ । চলোৱা হৈছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন । ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ অপহৰণকাৰী । পুনৰ চৰ্চাত বিধায়ক আশ্ৰাফুল হুছেইন (MLA Ashraful Hussain)।

MLA Ashraful Hussain might get arrested
গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক আশ্ৰাফুল হুছেইন!

গুৱাহাটী, ২২ মাৰ্চ: পুনৰ চৰ্চালৈ আহিছে এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন (Barpeta Love jihad) ৷ ইয়াৰ পূৰ্বেই অসম বিধানসভাৰ আটাইতকৈ কনিষ্ঠ বিধায়কগৰাকীৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উত্থাপন হৈছিল ৷ উল্লেখ্য যে, বৰপেটাৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিধায়কগৰাকীৰ বিৰুদ্ধে ( MLA Ashraful Hussain might get arrested)। বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰো ভয়ংকৰ অভিযোগ সন্দৰ্ভত ইতিপূৰ্বে গোচৰো ৰুজু হৈছিল ৷

অভিযোগ অনুসৰি দিছপুৰৰ বিধায়ক আৱাসতেই অপহৰণ কৰা যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছিল । এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল (Barpeta Love jihad accused arrested) ৷ ৰিতুল হুছেইন নামৰ এজন যুৱকজনে পৰীক্ষা দিবলৈ যোৱাৰ পথতে বৰপেটাৰ পৰা অপহৰণ কৰিছিল যুৱতীগৰাকীক ৷ পৰৱৰ্তী সময়ত ড্ৰাগছ সৰবৰাহৰ সৈতেও ৰিতুল হুছেইন জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল (Ritul Hussain arrested) ৷

এই ঘটনা সন্দৰ্ভত বিগত বৰ্ষৰ নবেম্বৰ মাহতেই দাখিল কৰা হৈছিল এজাহাৰ । অভিযোগ অনুসৰি অপহৰণ কৰা ছাত্রীগৰাকীক বিধায়ক আশ্ৰাফুল হুছেইনে ডিমাপুৰলৈ ৰে'লেৰে প্ৰেৰণ কৰিছিল । ইয়াৰ পিচতো এই ঘটনাটো লাভ জেহাদৰ বুলি সন্দেহ কৰা হৈছিল ৷ এই ঘটনাৰ অভিযোগ প্ৰতিঅভিযোগ চলি থকাৰ মাজতেই ৰিতুল হুছেইন নামৰ যুৱকজনক মঙলবাৰে নিশা বৰপেটাৰ আৰক্ষীয়ে মন্দিয়াৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷

ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিতুল হুছেইনক । ৰিতুল হুছেইনৰ গ্ৰেপ্তাৰৰ পাচতে বিধায়ক আশ্ৰাফুল হুছেইনৰ নামটো চৰ্চালৈ আহিছে । যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন । ৰিতুল হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাচতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৷

উল্লেখ্য যে, যুৱতীগৰাকীয়ে ঘটনাটোক অপহৰণ বুলি আখ্যা দিয়াৰ লগতে কেনেদৰে যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই পিতৃ-মাতৃৰ বিৰুদ্ধে ক’বলৈ দি ভিডিঅ’ প্ৰস্তুত কৰিছিল, সেই সন্দৰ্ভত ১৭ মাৰ্চত যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰাৰ পাচতে সচেতন ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

যুৱতীগৰাকীৰ ভাষ্য অনুসৰি বৰপেটাৰ বাঘবৰৰ ৰিতুল হুছেইন নামৰ যুৱক এজনে তেওঁক অপহৰণ কৰি নিছিল । ৰিতুল হুছেইন নামৰ যুৱকজনৰ সৈতে কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্ক নাছিল বুলি মন্তব্য কৰে যুৱতীগৰাকীয়ে । অপহৰণ কৰাৰ পাচত যুৱতীগৰাকীক বিধায়ক আশ্রাফুল হুছেইনৰ বিধায়ক আৱাসত দুদিন ৰখা বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ পাচতে তেওঁক ডিমাপুৰলৈ পঠিয়াই দিয়া বুলিও উল্লেখ কৰে যুৱতীগৰাকীয়ে ।

যুৱতীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে তেওঁৰ কন্যাক প্রেক্টিকেল ক্লাছত এবিধ উদ্ভিদৰ প্ৰয়োজন হোৱাত ভাতকুছিৰ চালাম নামৰ এজন যুৱকে বিগত বৰ্ষৰ ১৬ মে'ত নাৰ্চাৰীলৈ নিয়াৰ ছলেৰে মন্দিয়ালৈ লৈ যায় আৰু মন্দিয়াত ৰিতুল হুছেইন নামৰ এজন যুৱকৰ ওচৰত গতাই দিয়ে । এই কথাত যুৱতীগৰাকীয়ে প্ৰতিবাদ কৰাত ৰিতুল হুছেইন নামৰ যুৱকজনে ভয়-ভাবুকি দেখুৱাই ব্ৰহ্মপুত্ৰৰ পাৰৰ মোমায়েকৰ ঘৰত ৰখা বুলি জানিবলৈ দিয়ে যুৱতীগৰাকীৰ পিতৃয়ে (Barpeta Girl kidnapped)।

পাচত যুৱতীগৰাকীৰ পিতৃয়ে এজাহাৰ দিয়াত আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান চলায় । আৰক্ষীৰ অনুসন্ধান তীব্ৰতৰ হোৱাত যুৱতীগৰাকীক পিচদিনা পুৱা ৰাজপথত এৰি থৈ যায় ৷ তাৰ পিচতেই ৰাজপথৰ পৰা যুৱতীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি যুৱতীগৰাকীক পিতৃৰ ওচৰত চমজাই দিয়ে৷

কিন্তু একেই ঘটনাৰ পুনৰাবৃত্তি ঘটে বিগত বৰ্ষৰ ১৯ জুলাইত৷ পিতৃগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ১৯ জুলাইত পৰীক্ষা দিবলৈ যাওঁতে যুৱতীগৰাকীক পুনৰ অপহৰণ কৰা হয় ৷ সিদিনা পৰীক্ষা দি ঘৰলৈ ঘূৰি নহাত পিতৃগৰাকীয়ে পুনৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এই সন্দৰ্ভত যুৱতীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ১৯ জুলাইৰ দিনা পৰীক্ষাৰ পূৰ্বে দোকানলৈ কলম এটা কিনিবলৈ যাওঁতে মুখত সোপা দিয়াৰ লগতে চেতনা নাশক দ্ৰব্য ব্যৱহাৰ কৰি গাড়ীত তুলি লৈ যায় ।

১৯ তাৰিখৰ দিনাই সন্ধিয়া যেতিয়া যুৱতীগৰাকীৰ চেতনা ঘূৰি আহে, তেতিয়া যুৱতীগৰাকীয়ে ক’লৈ আনিছা বুলি ৰিতুল হুছেইনক প্ৰশ্ন কৰে । তেতিয়া যুৱতীগৰাকীক ৰিতুল হুছেইনে বিভিন্ন ধৰণে ভয়-ভাবুকি দেখুওৱাৰ লগতে শাৰীৰিক আৰু মানসিক নির্যাতন চলাই বুলি জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে । তেওঁ জানিবলৈ দিয়া অনুসৰি ভীতি প্ৰদর্শন কৰি নিজৰ ইচ্ছাত অহা বুলি ক’বলৈ দিয়ে আৰু ইয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ইয়াক সামাজিক মাধ্যমত ভাইৰেল কৰে ৷

এই সময়ছোৱাত এগৰাকী অধিবক্তা সেই ঠাইত উপস্থিত আছিল বুলিও যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে । কেমেৰাৰ সন্মুখত কেনেদৰে ক'ব লাগিব, কি ক’ব লাগিব, এই সকলোবোৰ অধিবক্তাগৰাকীয়ে সজাই-পৰাই দিয়া বুলি জানিবলৈ দিয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে । ইয়াৰ কেইদিনমান পাচতে অর্থাৎ ২০২২ বৰ্ষৰ ২৫ জুলাইত ৰিতুল হুছেইন নামৰ যুৱকজনে যুৱতীগৰাকীক গুৱাহাটীলৈ লৈ যায় ৷

তাৰ পিচতে যুৱতীগৰাকীক চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ এম এল এ হোষ্টেললৈ লৈ যায় ৷ বিধায়ক আৱাসত যুৱতীগৰাকীক হিন্দু যুৱতী মুছলমান যুৱকৰ সৈতে বিয়াত বহিলে জান্নাত লাভ কৰিব ইত্যাদি কথা কৈ বিভিন্ন ধৰণে প্রলোভন দিয়া হৈছিল বুলি সদৰি কৰে যুৱতীগৰাকীয়ে । বৰপেটাৰ ভুক্তভোগী যুৱতীগৰাকীয়ে জনোৱা মতে আশ্রাফুল হুছেইনৰ এম এল এ হোষ্টেলত দুদিন ৰখাৰ পিচত তৃতীয় দিনা জনৈক তালুকদাৰ উপাধিৰ বিজেপি নেতা এজনে বিধায়ক আশ্রাফুল হুছেইনক ফোন কৰি যুৱতীগৰাকীক তাৰ পৰা আঁতৰাই পঠাবলৈ কৈছিল ৷

যুৱতীগৰাকীয়ে জনোৱা মতে যুৱতীগৰাকীৰ বান্ধৱীকো আনি মুছলিমৰ লগত বিয়া কৰাই দিবলৈ বিধায়ক আশ্রাফুল হুছেইনে কৈছিল ৷ ডিমাপুৰত ২০ দিন থকাৰ পিছত ৰিতুল হুছেইনে যুৱতীগৰাকীক তাৰ পৰা আলুপতি চৰলৈ লৈ আহে ৷ আৰক্ষীয়ে আলুপতি চৰত দুয়োকে আটক কৰাৰ পিচত বৰপেটা থানালৈ অনা হয় ৷ বৰপেটাৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত যুৱতীগৰাকীক পিতৃৰ হাতত চমজাই দিয়ে ।

কিন্তু ৰিতুল হুছেইনে বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত যুৱতীগৰাকীক পিতৃৰ ওচৰলৈ প্ৰেৰণ কৰে । কিন্তু ইমানৰ পাচতো ৰিতুল হুছেইনে বলপূর্বকভাৱে যুৱতীগৰাকীক কিছুমান কথা ক'বলৈ বাধ্য কৰাই সেইবোৰৰ ভিডিঅ’ ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল কৰি যুৱতীগৰাকীক মানসিকভাৱে নির্যাতন চলাই অহা বুলি অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে ৷

ইফালে গ্ৰেপ্তাৰৰ পূৰ্বে ৰিতুলে এখন সংবাদমেল আয়োজন যুৱতীগৰাকীক তেওঁৰ প্ৰেমিকা বুলি আখ্যা দি দুয়ো বিবাহপাশত আৱদ্ধ হোৱা বুলি যুৱতীগৰাকীৰৰ অভিযোগ খণ্ডন কৰিছিল ৷

লগতে পঢ়ক: Barpeta Love jihad: বৰপেটা লাভ জেহাদকাণ্ডৰ মূল অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.