ETV Bharat / state

পৌৰ কৰ্মচাৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত দহ দিনীয়া অৱস্থান ধর্মঘট - Minusipaltri workers

ৰাজ্যখনৰ পৌৰ কৰ্মচাৰী সকলৰ তিনি মাহৰ পৰা ২৭ মাহ পৰ্যন্ত মাহিলী দৰমহা পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰে পৌৰ-কৰ্মচাৰী সকল।

পৌৰ কৰ্মচাৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত  দহ দিনীয়া অৱস্থান ধর্মঘট

author img

By

Published : Sep 29, 2020, 6:17 PM IST

বৰপেটা, 29 চেপ্তেম্বৰ : পৌৰকৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ বাবে ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত চৰকাৰীকৰণ বিধেয়ক ২০১৪ বিধানসভাত উত্থাপন কৰি আজি পর্যন্ত চৰকাৰে গৃহীত নকৰাত ক্ষুব্ধ হৈ পৰে পৌৰ কৰ্মচাৰী সকল। ইফালে ৰাজ্যখনৰ পৌৰ কৰ্মচাৰীসকলৰ তিনি মাহৰ পৰা ২৭ মাহ পৰ্যন্ত মাহিলী দৰমহা পাবলৈ বাকী আছে ৷

পৌৰ কৰ্মচাৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত দহ দিনীয়া অৱস্থান ধর্মঘট
পৌৰ কৰ্মচাৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত দহ দিনীয়া অৱস্থান ধর্মঘট

চতুর্থ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰামর্শমতে ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ কেবিনেট সভাই অনুমোদন কৰা পৌৰ সভাৰ সুনির্দিষ্ট কর্মচাৰীৰ গাঠনিৰ চৰকাৰী অধিসূচনা আজিও জাৰি কৰা নাই। তদুপৰি পৌৰসভা সমূহত কৰ্মৰত হৰিজন আৰু চাফাই কৰ্মচাৰী সকলৰ লগতে ফিক্স পে’ আৰু ঠিকা ভিত্তিত নিয়ােজিত কর্মচাৰী সকলক চতুর্থ অসম ৰাজ্যিক বিত্তীয় আয়ােগৰ পৰামর্শমতে কেবিনেট সভাই গ্ৰহণ কৰা সুনির্দিষ্ট কৰ্মচাৰীৰ গাথনিৰ নির্ধাৰিত পদত চাকৰি নিয়মীয়াকৰণ হােৱা নাই। পৌৰসভা সমূহত এতিয়াও নতুনকৈ নিযুক্তি হৈ আছে। এইবােৰ বন্ধ কৰাৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই অহা হৈছে যদিও একো ফল ধৰা নাই ।

ইপিনে ষষ্ঠ অনুসূচীৰ অন্তর্গত পৌৰ কৰ্মচাৰী সকলক ৰাজ্যিক বিত্তীয় আয়ােগৰ আওতালৈ আনি দৰমহা আৰু অন্যান্য সুবিধা প্রদানৰ দাবী জনাই আহিছে যদিও চৰকাৰে মুঠেও গুৰুত্ব প্রদান কৰা নাই। তদুপৰি ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত কর্মচাৰীসকলে প্রাপ্য চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈয়ে আছে ।

সদৌ অসম পৌৰ নিকায় কর্মচাৰী সন্থাই যোৱা ২৮ ছেপ্তেম্বৰৰ অহা ৭ অক্টোবৰলৈ অবিৰতভাৱে দহদিনীয়া অৱস্থান ধর্মঘট কার্যসুচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচী বৰপেটাৰোড পৌৰ নিকায় কৰ্মচাৰী সন্থায়ো পালন কৰিছে। ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি সংক্রান্তিয়ে বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে কোনাে ইতিবাচক পদক্ষেপ গ্রহণ নকৰাৰ প্ৰতিবাদত আৰু সমস্যা সমাধানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি বৰপেটাৰোড পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সভাপতি ধনজিৎ দাস আৰু সাধাৰণ সম্পাদক নিতাই সাহাই জানিবলৈ দিয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.