জনীয়া,১৩ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ এখন বিদ্যালয়ত মধ্যাহ্ন ভোজনকলৈ চৰম গাফিলতি কৰাৰ অভিযোগ বিদ্যালয়খনৰ অধ্য়ক্ষৰ বিৰুদ্ধে । জিলাখনৰ শ্বৰিয়তপুৰ হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মীয়াকৈ মধ্যাহ্ন ভোজন দিয়াৰ অভিযোগ একাংশ শিক্ষাৰ্থী আৰু স্থানীয় লোকৰ । একাংশ ছাত্ৰৰ মতে আনকি মধ্যাহ্ন ভোজন বিছাৰিলে বিদ্যালয়ৰ পৰা বহিস্কাৰৰো ভাবুকি দিয়ে প্ৰধান শিক্ষকজনে । টকাৰ অভাৱত আৰু চাউল নথকাৰ অজুহাত দেখুৱাই প্ৰায়ে মধ্যাহ্ন ভোজন নিদিয়ে বুলি কেমেৰাৰ সন্মুখত মন্তব্য দিলে শিক্ষাৰ্থী তথা বিদ্যালয়ৰে কৰ্মচাৰীয়ে ।
কেৱল এয়াই নহয় বিদ্যালয়খনত কোঠাৰ অভাৱ নাই যদিও মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষকৰ ভাতৃৰ গুদামত ৰখাৰো এক অভিযোগ উঠিছে । প্ৰধান শিক্ষক গৰাকীৰ এনে কাৰ্যক এতিয়া ধিক্কাৰ দিছে একাংশ সচেতন ৰাইজে । লগতে মধ্যাহ্ন ভোজনৰ চাউলৰ নাটনি দেখুৱাই ছাত্ৰ-ছাত্ৰীসকলক ভোজন নিদিয়া প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ দাবী জনাই স্থানীয় ৰাইজে ।
লগতে পঢ়ক:আৰক্ষীৰ জালত ভুৱা GST ৰে ব্যৱসায় চলাই অহা আব্দুল কাদেৰ