ETV Bharat / state

চেলুলয়ডত বন্দী হ'ব হেম বৰুৱাৰ 'মমতাৰ চিঠি'

author img

By

Published : Aug 13, 2019, 11:12 PM IST

'মমতাৰ চিঠি'ক চিত্ৰৰূপ দিয়াৰ বাবে কাম আৰম্ভ কৰিছে পৰিচালক নিৰ্মল দাসে৷ বিগত প্ৰায় 15 বছৰ ধৰি চলোৱা বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত মঙলবাৰে 'মমতাৰ চিঠি' ছবি হিচাপে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে পৰিচালকগৰাকীয়ে ৷

'মমতাৰ চিঠি'

বৰপেটা, ১৩ আগষ্টঃ হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা 'মমতাৰ চিঠি' এইবাৰ বন্দী হ'ব চেলুলয়ডত ৷ অসমীয়া জীৱনৰ আঁহে আঁহে,কোঁহে কোঁহে শিহৰিত হৈ থকা 'মমতাৰ চিঠি'ক চেলুলয়ডত বন্দী কৰিবলৈ আগবাঢ়ি আহিছে বৰপেটাৰ অভিনেতা,পৰিচালক নিৰ্মল দাস ৷ 'মমতাৰ চিঠি'ক চিত্ৰৰূপ দিয়াৰ বাবে কাম আৰম্ভ কৰিছে পৰিচালক নিৰ্মল দাসে ৷ বিগত প্ৰায় 15 বছৰ ধৰি চলোৱা বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত মঙলবাৰে ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে পৰিচালকগৰাকীয়ে ৷

'মমতাৰ চিঠি'

বৰপেটা প্ৰেছক্লাৱত এখন সংবাদমেল সম্বোধন কৰি পৰিচালক নিৰ্মল দাসে বৰপেটাৰ মুখা নামৰ অপেছাদাৰী নাট্যদলটোৰ বেনাৰত ছবিখন নিৰ্মাণ হ'ব বুলি প্ৰকাশ কৰে ৷ কবিতাটোত বৰ্ণিত ভোগদৈৰ পাৰৰ লগতে বৰপেটাৰ ওচৰ পাজৰৰ জিলা সমুহতে মূলতঃ চিত্ৰগ্ৰহণ হ'ব বুলি পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে ৷ কবিতাক আধাৰ কৰি এইখনেই হ'ব অসমীয়া ভাষাত নিৰ্মিত প্ৰথমখন চিনেমা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ ইয়াৰ পূৰ্বে নিৰ্মল দাসৰ ৰচনা আৰু পৰিচালনাৰে শৰাইঘাট থিয়েটাৰে একেৰাহে দুবছৰ ধৰি মঞ্চস্থ কৰিছিল 'মমতাৰ চিঠি' নামৰ নাটখন ৷ গভীৰ প্ৰেম আৰু অ-সম যন্ত্ৰণাৰ কৰুণগাঠা মমতাৰ চিঠিৰ নিৰ্মাণকাৰ্য অগতানুগতিক হ'ব বুলি প্ৰকাশ কৰে পৰিচালক নিৰ্মল দাসে ৷

Intro:
বৰপেটা, ১৩ আগষ্টঃ হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা 'মমতাৰ চিঠি' এইবাৰ বন্দী হব চেলুলয়ডত ৷ অসমীয়া জীৱনৰ আঁহে আঁহে, কোঁহে কোঁহে শিহৰিত হৈ থকা 'মমতাৰ চিঠি'ক চেলুলয়ডত বন্দী কৰিবলৈ আগবাঢ়ি আহিছে বৰপেটাৰ অভিনেতা, পৰিচালক নিৰ্মল দাস ৷ Body:অসমত হয়তো এনে লোক নোলাব যিয়ে এবাৰলৈয়ো পঢ়া নাই বা পঢ়ি অভিভূত হোৱা নাই হেম বৰুৱাৰ সেই বিখ্যাত কবিতা 'মমতাৰ চিঠি' ৷ বৈধৱ্যৰ দুখ, যন্ত্ৰণা আৰু প্ৰেমৰ মানৱীয় অনুভৱ আৰু কাৰুণ্যৰ অভিনৱ প্ৰকাশ 'মমতাৰ চিঠি'ক চিত্ৰৰূপ দিয়াৰ বাবে ইতিমধ্যে পৰিচালক নিৰ্মল দাসে চিত্ৰনাট্য ৰচনাকে,ধৰি প্ৰায়বোৰ কাম আগবঢ়াই নিছে ৷ বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি চলোৱা বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ছবিখনৰ নিৰ্মানৰ কাম আৰম্ভ কৰাৰ কথা আজি আনুষ্ঠানিকভাৱে ঘোষনা কৰে পৰিচালকগৰাকীয়ে ৷ আজি বৰপেটা প্ৰেছক্লাৱত এখন সংবাদমেল সম্বোধন কৰি পৰিচালক নিৰ্মল দাসে বৰপেটাৰ মুখা নামৰ অপেছাদাৰী নাট্যদলটোৰ বেনাৰত ছবিখন নিৰ্মাণ হব বুলি প্ৰকাশ কৰে ৷ কবিতাটোত বৰ্ণিত ভোগদৈৰ পাৰৰ লগতে বৰপেটাৰ ওচৰ পাজৰৰ জিলা সমুহতে মুলতঃ চিত্ৰগ্ৰহন হব বুলিও প্ৰকাশ কৰে পৰিচালকে ৷ কবিতাক আধাৰ কৰি এইখনেই হব অসমীয়া ভাষাত নিৰ্মিত প্ৰথমখন চিনেমা হব বুলিও তেও প্ৰকাশ কৰে ৷ ইয়াৰ পূৰ্বে নিৰ্মল দাসৰ ৰচনা আৰু পৰিচালনাৰে শৰাইঘাট থিয়েটাৰে একেৰাহে দুবছৰ ধৰি মঞ্চস্থ কৰিছিল 'মমতাৰ চিঠি' নামৰ নাটখন ৷ গভীৰ প্ৰেম আৰু অ-সম যন্ত্ৰণাৰ কৰুণগাঠা মমতাৰ চিঠিৰ নিৰ্মাণকাৰ্য অগতানুগতিক হব বুলি প্ৰকাশ কৰে পৰিচালক নিৰ্মল দাসে ৷ Conclusion:মমতাৰ চিঠিৰ প্ৰতি থকা অসমীয়া মানুহৰ অপাৰ মমতাই ছবিখন নিৰ্মাণৰ মুল প্ৰেৰণা বুলিও প্ৰকাশ কৰে পৰিচালকগৰাকীয়ে ৷

বাইটঃ নিৰ্মল দাস, পৰিচালক ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.