জনিয়া,2 ডিচেম্বৰঃ অহা 15ৰ পৰা 25 ডিচেম্বৰলৈ কলগাছিয়াত অনুষ্ঠিত হ’ব নামনি অসম মহোৎসৱ ৷ সোমবাৰে এই অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বহিদুল ইছলামৰ লগতে অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি ৷ ইতিমধ্যে কলগাছিয়াত দুবাৰকৈ সফলতাৰে উদযাপন কৰা হৈছে নামনি অসম মহোৎসৱ ৷
আনহাতে এইবাৰ মহোৎসৱৰ বাবে উদ্যোক্তাসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ মহোৎসৱলৈ অহা প্ৰতিজন ব্যক্তিকে কমেও তিনিখনকৈ গ্ৰন্থ ক্ৰয় কৰাৰ বাবে অনুৰোধ জনাইছে উদ্যোক্তাই ৷ মুখ্য সম্পাদক নজমুল হক কয় যে,সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক নামনি অসম মহোৎসৱত উপস্থাপন কৰা হ’ব ৷
লগতে পঢ়ক- গুৱাহাটীত অনুষ্ঠিত হ’ব ‘টইছা’